Breaking

শক্তিশালী ৰূপত কোৰোণা : আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ বলৱত্ কৰা হ’ল সান্ধ্য আইন !

0 2,102

বিশ্বজোৰি পূৰ্বতকৈ শক্তিশালী ৰূপত কোৰোণাৰ সংক্ৰমণ । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে বাতিল কৰিছে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ বিমান সেৱা। ভাৰত চৰকাৰেও এতিয়া এই ক্ষেত্ৰত ৰাখিছে তীক্ষ্ন দৃষ্টি। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে দেশবাসীক আতংকিত নহ’বলৈ আহ্বান জনাইছে ।

কোৰোণাৰ ভয়াৱহতালৈ লক্ষ্য কৰি এতিয়া কৰ্ণাটক চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজি নিশা ১০ বজাৰ পৰা ৰাজ্যখনত বলৱত্ কৰা হ’ব সান্ধ্য আইন। অহা ২ জানুৱাৰী ২০২১লৈকে বাহাল থাকিব সান্ধ্য আইন। সেইদৰে কৰ্ণাটক চৰকাৰে নতুন বছৰৰ পাৰ্টীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰূপ কৰিছে।

ইতিমধ্যে ইউৰোপৰ বহুকেইখন দেশত কোৰোণাৰ ভয়াৱহতালৈ লক্ষ্য কৰি বলৱত্ কৰা হৈছে ল’ক ডাউন । গ্ৰেট ব্ৰিটেইনত জাৰি কৰা হৈছে কঠোৰ ল’ক ডাউন।

Leave A Reply