Breaking

ভয়ংকৰ বানত মৃতকৰ সংখ্যা ১০ৰ পৰা ১৪লৈ বৃদ্ধি, ২২ জন জোৱানসহ ১০২ জন নিৰুদ্দেশ…

0 32

ছিকিমত ডাৱৰ বিস্ফোৰণৰ পিছত তীস্তা নদীত হঠাৎ বানপানীৰ সৃষ্টি হয়। এতিয়া মৃত্যুৰ সংখ্যা ১০ৰ পৰা ১৪লৈ বৃদ্ধি পাইছে। ২২ জন সেনা জোৱানকে ধৰি ১০২ জন লোক নিৰুদ্দেশ হৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীৰ বাবে গেংটকত ৩ জন লোকৰ মৃত্যু হৈছে, ২২ জন নিৰুদ্দেশ হৈছে আৰু ৫ জন লোক আহত হৈছে। মংগনত ৪ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৬ জন লোকৰ কোনো সন্ধান নাই। পাকয়ঙত ৭জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৯জন লোক আৰু ২৩জন সেনা জোৱান নিৰুদ্দেশ হোৱাৰ লগতে ২১জন লোক আহত হৈছে। নামচীত বানপানীৰ বাবে কোনো লোকৰ মৃত্যু হোৱা নাই আৰু ৫জন লোক সন্ধানহীন হৈ আছে।

ডাৱৰ বিস্ফোৰণৰ ফলত ২৬ জন লোক আহত হোৱাৰ লগতে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বহু লোকক। ২২ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত এলেকাৰ পৰা ১ হাজাৰৰো অধিক লোকক উচ্ছেদ কৰা হৈছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বহু সংস্থাৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। ভাৰতীয় সেনা আৰু এন ডি আৰ এফে চলাই আছে এই তালাচী অভিযান।


Leave A Reply