Breaking

হঠাৎ অসুস্থ দীপিকা পাডুকন, মাজনিশা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়

0 145

সোমবাৰে মুম্বাইৰ ব্ৰেচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল দীপিকা পাডুকনক। তাত অভিনেত্ৰীগৰাকীৰ কেইবাটাও মেডিকেল টেষ্ট কৰাৰ হয় ।

বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনক হঠাৎ অসুস্থ হৈ পৰাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। সোমবাৰে বিয়লি তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি মুম্বাইৰ এটা সংবাদ সংস্থাই প্ৰকাশ কৰিছে। সূত্ৰ অনুসৰি, দীৰ্ঘদিন ধৰি চিকিৎসালয়খনত দীপিকাৰ বিভিন্ন স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। পিছত চিকিৎসকৰ এটা বিশেষ দলে চায়। সম্প্ৰতি মেডিকেল টিমৰ পৰ্যবেক্ষণত অভিনেত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে অভিনেত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থা সন্দৰ্ভত দীপিকাৰ পৰিয়ালে কোনো ধৰণৰ বক্তব্য প্ৰদান কৰা নাই।

মুম্বাইৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সোমবাৰৰ পৰা হঠাতে তীব্ৰ শাৰীৰিক অস্বস্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰে অভিনেত্ৰীগৰাকীয়ে। অত্যধিক দুৰ্বলতা আৰু ভাগৰুৱা হোৱাৰ লগে লগে। অৱশ্যে তেওঁ ঘৰত আছিল নে নাই সেয়া জানিব পৰা হোৱা নাই। নিশা অসুস্থ অভিনেত্ৰীগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পিছত চিকিৎসকে তেওঁক পৰীক্ষা কৰি কয় যে অভিনেত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থা সুস্থিৰ। কিন্তু তেওঁক পৰ্যবেক্ষণত ৰখা হ’ব।

Leave A Reply