Breaking

তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত এনডিএফবিৰ সদস্য সকলৰ পুনঃসংস্থাপনৰ দাবী !  জোনাই শিলিখাগুৰীত  এনডিএফবিৰ ৩৫ সংখ্যক  শ্বহীদ  দিৱস পালন…

0 44

প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি এনডিএফবিৰ ৩৫ সংখ্যক শ্বহীদ দিৱস দিনজোৰা কাৰ্য্যসূচীৰ উদযাপন কৰা হয়। জোনাই মহকুমাৰ শিলিখাগুৰী খেলপথাৰত অনুষ্ঠিত কৰা শ্বহীদ দিৱসৰ পুৱা ৯ বজাত পতাকা অৰ্ধনমিত কৰে ধেমাজি জিলা প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ সভাপতি প্ৰফুল্ল বড়োয়ে।পুৱা ৯-৩০ বজাত শ্বহীদ তৰ্পণ কৰে প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ কেন্দ্ৰীয় সদস্য খাচেন্দ্ৰজিৎ বসুমতাৰীয়ে।ইয়াৰ পিছতে গছপুলি ৰোপণ কাৰ্য্যসূচী আৰম্ভ হয়।দুপৰীয়া ১২ বজাৰ পৰা

জিলা সভাপতি প্ৰফুল্ল বড়োৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি সভাত আদৰণি ভাষন আগবঢ়াই ধেমাজি জিলা প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক ভদ্ৰেশ্বৰ বসুমতাৰীয়ে। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিটিএডিৰ বাহিৰৰ আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰীয়ে কয়   বড়ো জনগোষ্ঠীৰ স্ব- অধিকাৰৰ হকে তথা পৃথক বড়োলেণ্ড ৰাষ্ট্ৰৰ দাবীত  এসময়ত  হাতত অস্ত্ৰ তুলি লৈ সশস্ত্ৰ সংগ্ৰামত অৱতীৰ্ণ হোৱা প্ৰাক্তন এনডিএফবিয়ে বিভিন্ন প্ৰান্তত ৩৫ সংখ্যক শ্বহীদ দিৱস পালন কৰিছে। বড়ো জাতিৰ অধিকাৰ প্ৰাপ্তিৰ বাবে সশস্ত্ৰ সংগ্ৰামত জড়িত হৈ অশেষ কষ্ট,ত্যাগ কৰি মৃত্যুক সাৱটি ল’লে সেই জাতীয় শ্বহীদ সকলৰ মহান ত্যাগক পাহৰি যোৱা উচিত নহয় বুলি বক্তব্য ৰাখি শ্বহীদ সকলৰ মৰ্য্যদা অক্ষুন্ন ৰাখিবলৈ ঐক্যবদ্ধ প্ৰচেষ্টাৰে এখন সমৃদ্ধিশালী আৰু কৰ্ম-সংস্কৃতিৱান সমাজ নিৰ্মাণত সকলোকে আহ্বান জনাই তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত প্ৰাক্তন এনডিএফবিৰ পুনঃসংস্থাপনৰ ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনায়।সভাত নিৰ্দিষ্ট বক্তা হিচাপে ধেমাজি জিলা বড়ো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰীয়ে কয়

বড়ো সকলৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত যি সকল এনডিএফবি সদস্য প্ৰাণ আহুতি দিলে

সেই শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মহান শ্বহীদৰ জাতীয় প্ৰেম আৰু ত্যাগৰ বিনিময়ত আজিৰ বড়ো সমাজে এই অৱস্থাত উপনীত হ’বলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি সকলোকে জাতীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ হৈ জাতিৰ উন্নয়নৰ বাবে আগবাঢ়ি যাব লাগিব বুলি কয়।মুকলি সভাত বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ সভাপতি দিলিপ বসুমতাৰী, জোনাই প্ৰাথমিক সমিতিৰ সভাপতি চম্পল নাৰ্জাৰী,ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অশোক দৈমাৰী, জোনাই আঞ্চলিক সমিতিৰ সভাপতি লোহিত গৌড়া বসুমতাৰী, সাধাৰণ সম্পাদক অশোক বসুমতাৰী,আবৌফৰ জোনাই আঞ্চলিক সমিতিৰ সভানেত্ৰী মিনু নাৰ্জাৰী প্ৰমুখ্যে কেবাগৰাকী নেতৃস্থানীয় ব্যক্তি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি অসম

Leave A Reply