আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। মহিলা সুৰক্ষা, অধিকাৰ সন্দৰ্ভত অৱগত কৰা, সন্মান প্ৰদৰ্শন কৰাৰ বাবে এই নাৰী দিৱস পালন কৰা হয়। আজিৰ মহিলা পুৰুষৰ সমানেই খোজত খোজ মিলাই আগুৱাই গৈছে যদিও বহুক্ষেত্ৰত অধিকাৰৰ পৰা বঞ্চিত অথবা শোষণৰ বলি হোৱা দেখা যায় সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ গণতান্ত্ৰিক মহিলা কল্যাণ মঞ্চই নাৰী দিৱস উপলক্ষে আজি পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত ১৯৯৬ চনৰ আজিৰ দিনটোত লোক সভা সাংসদ, বিধান সভা, নিগম, পঞ্চায়ত আদি নিৰ্বাচনত মহিলা প্ৰাৰ্থীৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ দাবীত এখন বিধেয়ক উত্থাপন হৈছিল। কিন্তু আজিলৈ কাৰ্যকৰী নোহোৱাত দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত গণতান্ত্ৰিক মহিলা কল্যাণ মঞ্চই গভীৰ উদ্বেগ প্ৰকাশ কৰে। লগতে বৰ্দ্বিত নাৰী নিৰ্যাতনৰ বিপৰীতে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়েহে উক্ত মহিলা কল্যাণ মঞ্চই কামৰূপ জিলাৰ মিৰ্জাত দ্ৰুত গতিত (ফ্ৰাচট্ৰেক) স্থাপন হ’ব লাগে বুলি স্মাৰক পত্ৰৰ জৰিয়তে দাবী উত্থাপন কৰে। দিনক দিনে নাৰী নিৰ্যাতনৰ সংখ্যা বৃদ্ধি পাই আহিছে কিন্তু প্ৰশাসনে ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই ক্ষেত্ৰত মহিলা সংগঠনটোৱে প্ৰত্যেক আৰক্ষী থানাত ৯ ৰ পৰা ১১ গৰাকী মহিলা সমিতি নিয়োগ কৰাৰ বাবে দাবী উত্থাপন কৰে। পলাশবাৰী ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰা মুহুৰ্তত গণতান্ত্ৰিক মহিলা কল্যাণ মঞ্চৰ সভানেত্ৰী ৰীণা গয়াৰী, সম্পাদিকা হাচিনা বেগমৰ লগতে বহুকেজনী সদস্যা উপস্থিত থাকে।
Breaking
- শিলিখাগুৰিত আৰম্ভ হ’ল প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা
- নলবাৰীক নতুনকৈ গঢ়াত বিশেষ অৱদান আগবঢ়াই গলগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন ।
- বশিষ্ঠ থানা এলেকাত পাহাৰত আবকাৰী বিভাগৰ অভিযান, ২১ টা চুলাইৰ ভাটি ধ্বংস
- ডিমৌত আটছা’ৰ অনুষ্ঠিত মাৰথান দৌৰ প্ৰতিযোগি সম্পন্ন
- ‘কা’ আইন জাপি দি খিলঞ্জীয়াৰ অস্তিত্ব সংকট নমাই আনিছে বিজেপিয়ে : বিপিএফ প্ৰাৰ্থী হিতেশ বসুমতাৰী
- যমুনামুখ সমষ্টিত আজমলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- চৰণ বড়োৰ হৈ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰমা মহিলাৰীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা
- ক্ৰমাত গৰম হৈ উঠিছে ওদালগুৰিত নিৰ্বাচনী বতাহ : হিমন্ত বিশ্বৰ ৰোড শ্ব
- প্ৰতিক্ৰিয়াৰ পিছত এইচ এন এমৰ বিলুপ্তি চীনত
- মৰিগাঁৱত সৰ্বভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যুৱ নেতা কানহায়া কুমাৰৰ বিশাল নিৰ্বাচনী সভা