Breaking

ওদালগুৰি আৰু ভেৰগাঁৱত তথ্য আৰু জনসংযোগ বিভাগ আৰু প্ৰশাসনৰ সহযোগত দেশভক্তি দিৱস পালন

0 1,583

ওদালগুৰিৰ তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত আজি ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ত দেশভক্তি দিৱস পালন কৰা হয়। দেশভক্ত তৰুণ ৰাম ফুকনৰ পূণ্য মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত এই দিৱসটি ওদালগুৰিৰ সহকাৰী আয়ুক্ত সুপ্ৰিয়া বাউলাৰীয়ে বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰে। ইয়াৰ পিছতে আয়োজিত এক সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ওদালগুৰি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° নিলিমা দত্তই দেশভক্ত তৰুণ ৰাম ফুকনৰ জীৱন – দৰ্শন তথা আদৰ্শ সন্দৰ্ভত ভাষণ আগবঢ়ায়। অনুষ্ঠানত সাহিত্য একাডেমী বটা প্ৰাপ্ত সাহিত্যিক নৱীন মল্ল বড়ো, ৰাষ্ট্ৰীয় বটাপ্ৰাপ্ত অসৱৰী কৃতি শিক্ষক নৰেশ্বৰ ডেকাইও ভাষণ প্ৰদান কৰে।

উক্ত অনুষ্ঠান খনত উপস্থিত থাকে ক্ৰমে ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যাপক সোণালী দত্ত ,ওদালগুৰি প্ৰেছ ক্লাব , ওদালগুৰি জিলা বাৰ্তাজীবী সংঘ ,ওদালগুৰি জিলা আপকু’ৰ সভাপতি/সম্পাদক প্ৰমুখ্যে কেবাজনো জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে।ওদালগুৰি জিলাৰ অতিৰিক্ত উপায়ুক্ত সুপ্ৰিয়া বাওলাৰীয়ে সঞ্চালনা কৰা দেশ ভক্তি দিৱসত আঁত ধৰে জিলা তথ্য আৰু জনসংযোগ বিভাগৰ বিছপ বসুমতাৰীয়ে। আনহাতে ভেৰগাও মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু তথ্য জনসংযোগ বিভাগৰ সহযোগত দেশ ভক্ত দিৱস পালন কৰা হয়।ভেৰগাও মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু তথ্য জনসংযোগ বিভাগৰ সহযোগত ভেৰগাও মহকুমাধিপতি সভা কক্ষত অনুষ্ঠিত হোৱা দেশ ভক্তি দিৱসটিৰ কাৰ্যসূচী অনুসৰি উক্ত অনুষ্ঠানত ভেৰগাও মহকুমাৰ মহকুমাধিপতি দীপক ভূঞাই দেশ ভক্ত তৰুণ ৰামৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি জ্ঞাপন কৰে ।

উক্ত অনুষ্ঠান খনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ভেৰগাও মহকুমাৰ কাৰ্যবাহী দণ্ডাধীক লুকাস বৈশ্যৰ লগতে খৈৰাবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুখ্য অধ্যাপক ড° গিৰিণ বৰুৱা লগতে ভেৰগাও,আৰু খৈৰাবৰী প্ৰেছ ক্লাৱৰ সভাপত ম্পাদক সদস্য বৃন্দৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply