Breaking

ছিকিমত বিধ্বংসী বানপানী, ৭ জন জোৱানকে ধৰি ২৬ জনেই হেৰুৱাইছে প্ৰাণ…

0 76

৩ অক্টোবৰত ছিকিমত ডাৱৰ বিস্ফোৰণ হোৱাৰ পিছত তীস্তা নদীৰ বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ২৫ হাজাৰ লোক। এই পৰ্যন্ত ৭ জন সেনা জোৱানসহ ২৬ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে প্ৰায় ১৫০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। এই সময়ছোৱাত হাজাৰ হাজাৰ ঘৰ বানত উটুৱাই নিলে আৰু সমগ্ৰ চহৰখন ধ্বংসাৱশেষলৈ পৰিণত হয়। হাজাৰ হাজাৰ লোক এতিয়াও বিভিন্ন অঞ্চলত আবদ্ধ হৈ আছে, তেওঁলোকক নিৰাপদে বাহিৰলৈ উলিয়াই আনিবলৈ উদ্ধাৰ অভিযান চলোৱা হৈছে, য’ত আইটিবিপিৰ লগতে সেনা, বায়ুসেনা, এনডিআৰএফ আৰু এছডিআৰএফৰ দলেও দিনে নিশাই কাম কৰি আছে। ছিকিমত হোৱা বিধ্বংসী পৰিস্থিতিৰ বাবে উদ্ধাৰ হৈছে ৭ জন সেনা জোৱানসহ ২৬ টা মৃতদেহ। একে সময়তে সেনা-এন ডি আৰ এফৰ দলটোৱে নিৰুদ্দেশ হোৱা ১৪২ জন লোকক বিচাৰিছে। ইফালে, মৃতকৰ পৰিয়ালৰ সদস্যৰ বাবে ৪ লাখ টকাকৈ সাহায্য ঘোষণা কৰা হৈছে। ৩ অক্টোবৰত ছিকিমত ডাৱৰ বিস্ফোৰণে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল।

আনহাতে উত্তৰ ছিকিম অঞ্চলত ১৬ হাজাৰ ফুট উচ্চতাত বানপানীৰ বাবে তিনিদিন ধৰি আবদ্ধ হৈ আছিল ৬৮ জন লোক। আই টি বি পিয়ে ৰছীৰ সহায়ত উদ্ধাৰ অভিযান চলাই ৬৮ জন লোকক নিৰাপদে উদ্ধাৰ কৰে। বানপানী আৰু ধ্বংসলীলাৰ মাজতে সেনাবাহিনীয়েও সাহায্য আৰু উদ্ধাৰৰ কামত ব্যস্ত হৈ পৰিছে।


ডাৱৰ বিস্ফোৰণৰ সমান্তৰালকৈ চুংথাং মথাউৰি ভাঙি ছিকিমত এই ধ্বংসলীলাৰ কাৰণ বুলিও কোৱা হৈছে। মথাউৰি ভংগৰ বাবে ৰাজ্যখনৰ পূৰ্বৰ চৰকাৰক জগৰীয়া কৰিছে ছিকিমৰ মুখ্যমন্ত্ৰীয়ে। ইফালে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ছিকিমত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে এখন কমিটী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৪৪ কোটি টকাৰ তাৎক্ষণিক সাহায্যৰ অনুমোদন জনাইছে। অৱশ্যে ছিকিমৰ তীস্তা নদীৰ বিধ্বংসী আৰু ইয়াৰ ফলত ৰাজ্যৰ সম্পদৰ ক্ষতিৰ পৰা উদ্ধাৰ হ’বলৈ বহু সময় লাগিব।


Leave A Reply