Breaking

বৰছলা বিধানসভা সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ : এইবাৰ নিৰ্বাচনত ৰাইজে উচিত শিক্ষা দিব

0 2,077

পৰিবৰ্তন, উন্নয়ন আৰু দুৰ্নীতিমুক্ত কৰি অসমক প্ৰগতিশীল ৰাজ্য গঢ়াৰ শ্ল’গান দি শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত অধিকাংশ বিধানসভা সমষ্টিত ৰাইজে আজিও পৰ্যাপ্ত উন্নয়নৰ মুখ দেখিবলৈ নাপালে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ দিনতো একাংশ সমষ্টিত বাট -পথবোৰ বিধ্বস্ত অৱস্থাতে পৰি থাকিল৷এই ক্ষেত্ৰত আজি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ কেন্দ্ৰীয় সভাপতি প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ আগত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে ৰাজ্যৰ অন্যান্য সমষ্টিৰ দৰে বৰছলাৰ বিধায়ক গনেশ কুমাৰ লিম্বুও সমষ্টিটোৰ সৰ্বাংগীণ উন্নয়নত চৰমভাৱে ব্যৰ্থ হৈছে৷ সমষ্টিটোৰ উন্নয়ন সাধন কৰাত বিধায়কগৰাকী ব্যৰ্থ হোৱাৰ গুৰুত্বৰ অভিযোগ তুলিছে সমষ্টিটোৰ একাংশ ভোটাৰ ৰাইজে৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই লগতে কয় সমষ্টিটোৰ বহু বাট-পথ বিধায়ক লিম্বুৱে বিগত পাঁচটা বছৰৰ কাৰ্যকালত নিৰ্মাণ তথা মেৰামতি কৰিবলৈ সক্ষম নহ’ল৷ইয়াৰ পৰিপ্ৰেক্ষিতত আজিও বিধ্বস্ত পথৰেই অহা-যোৱা কৰাৰ সময়ত অঞ্চলটোৰ ৰাইজৰ লগতে বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে৷ বৈশ্যই ক্ষোভেৰে কয় বৰছলা বিধানসভা সমষ্টিৰ বাট-পথবোৰ উন্নয়ন কৰাৰ দাবীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু ভগ্নী সংগঠন নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে ৰাইজৰ সহযোগত প্ৰায়েই গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছিল যদিও বিধায়কগৰাকীয়ে এই ক্ষেত্ৰত ঢাল- তৰোৱালবিহীন নিধিৰাম চৰ্দাৰৰ ভূমিকা পালন কৰি আহিছে৷ইয়াৰ জলন্ত উদাহৰণ ঢেকীয়াজুলিৰ পৰা পিৰাকটা হৈ ধিৰাই মাজুলীলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱা বিধ্বস্ত অৱস্থাতে পৰি থাকিল৷ উক্ত পথছোৱাৰ মধ্যভাগত বৰ্তমান একোটা মাছ ধৰিব পৰা পুখুৰী সদৃশ গাত৷ঢেকীয়াজুলি -পিৰাকটা -ধিৰাই মাজুলী সংযোগী অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱাই সমষ্টিটোৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিছে৷ এনে পৰিস্থিতিত সমষ্টিটোৰপৰা পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ সপোন দেখা লিম্বু প্ৰকৃতাৰ্থত ব্যৰ্থ নে সফল,সেই সন্দৰ্ভত সাংবাদিকে জানিব বিচৰাত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাতি প্ৰশান্ত বৈশ্যই কয় যে বিগত পাঁচটা বছৰে মিত্ৰজোঁটৰ চৰকাৰখনৰ কথা আৰু কামৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকি গ’ল৷কৃষক শ্ৰমিক নেতা বৈশ্যই লগতে কয় ২০১৬ চনত অনুষ্ঠিত বিধান সভাৰ নিৰ্বাচনত বিজেপি চৰকাৰখনে ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰিব নোৱাৰিলে৷চৰকাৰখনে বিগত পাঁচটা বছৰে গ্ৰামাঞ্চলৰ বাট-পথবোৰৰ নিৰ্মাণ তথা উন্নয়ন সম্পূৰ্ণ হোৱা বুলি ৰাইজক পতিয়ন দিবলৈ একাংশ সংবাদ মাধ্যমত মিছা ঢাক-ঢোল বজাই দিন পাৰ কৰিলে৷ বৰছলা বিধান সভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলিৰ পৰা ধিৰাই মাজুলীলৈ যোৱা পথটোৰে কেইবাখনো বিদ্যালয়ৰ হেজাৰ হেজাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে এলেকাটোৰ প্ৰায় ৫০ খনৰো অধিক গাঁৱৰ ৰাইজে অহা-যোৱা কৰি আহিছে যদিও বিগত বহু দিনৰপৰাই  মেৰামতিৰ অভাৱত জহি-খহি যোৱা উক্ত পথছোৱা অকৰ্মণ্য বিধায়ক লিম্বুৱে নিৰ্মাণৰ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে৷লগতে কৃষক শ্ৰমিক নেতা বৈশ্যই কয়-চৰকাৰ জিলা প্ৰশাসন তথা তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান বৰছলা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত বিধায়কৰ প্ৰাৰ্থী ৰাম প্ৰসাদ শৰ্মা,বৰ্তমানৰ বিজেপি দলৰ সাংসদ পল্লৱ লোচন দাস আৰু স্থানীয় বিধায়ক গনেশ কুমাৰ লিম্বুক পথছোৱা নিৰ্মাণ কৰিবলৈ কেইবাবাৰো সংগঠনটোৰ তৰফৰ পৰা দাবী জনোৱা হৈছিল যদিও আজিলৈকে পথছোৱা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক৷এইবাৰ সমষ্টিটোৰ ভোটাৰ ৰাইজে উচিত শিক্ষা দিব বুলি শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷প্ৰশান্ত বৈশ্যই আৰু কয় যে এইবেলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঢৌ নাই৷ ৰাইজৰ মাজত সকলোৰে আনন্দ সৰ্বানন্দ’ শীৰ্ষক গীতটো হেৰাই গ’ল৷ সমষ্টি উন্নয়নত ব্যৰ্থ হোৱা বিধায়ক লিম্বুৱে ৰাইজক কৰা চৰম প্ৰতাৰণাৰ ফল ভোগ কৰাৰ বাবে সাজু হৈ থাকিবলৈ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ জৰিয়তে সকীয়াই দিয়ে৷

Leave A Reply