Breaking

ঢকুৱাখনা বি.এড. মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা

0 65

“এখন সমাজ সু-শৃংখলিত হৈ চলিবলৈ সৎ মানুহৰ প্ৰয়োজন। মানুহ সৎ হ’বলৈ হ’লে সৰল, বিনয়ী, নম্ৰ আৰু সু-শিক্ষিত হ’ব লাগিব। কিন্তু বৰ্তমান সময়ত সু-শিক্ষিত মানুহ সৃষ্টি কৰাটোৱেই আটাইতকৈ টান কাম”- এই মন্তব্য পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পুস্প দত্তৰ ৷

শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এখন উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ২০২৩-২৫ বৰ্ষৰ নৱাগত আদৰণী সভাৰ মুকলি সভা উদ্ধোধন কৰি দিয়া ভাষণত উপাধ্যক্ষ দত্তই এইদৰে মন্তব্য কৰি বৰ্তমানৰ প্ৰতিজন শিক্ষাৰ্থীকে সু-শিক্ষিত হবলৈ আহ্বান জনায়।

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত নৱাগত আদৰণি সভাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত সমূহীয়া চাফাই কৰা পাছতে গছপুলি ৰোপন, স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ ইয়াৰ পাছতে পতাকা উত্তোলন কৰে এই মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই ৷

ইপিনে নৱাগতসকলক আৰতিয়ে উৰুলি দি আদৰণি জনোৱা পাছতে পুৱা ৯ বজাত তৃতীয় ষান্মাষিকৰ প্ৰশিক্ষাৰ্থী জনাৰ্দন ফুকনৰ পৰিচালনাত ন-পুৰণি প্ৰশিক্ষাৰ্থী সকলৰ মাজত অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্টিত হয় ৷

১০ বজাত মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা মুকলি সভাখন পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পুস্প দত্তই উদ্বোধন কৰে ৷

শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই সভাপতিত্ব কৰা সভাখনত ঢকুৱাখনা মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰকুমাৰ কোঁচে নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য ৰাখি কয় যে- “আমি বিভিন্ন জিলা পৰা কলৈ আহিছোঁ কিয় আহিছোঁ ! আহিছোঁ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত অধ্যয়ন কৰি সুখ্যাতিৰে বি.এড ডিগ্ৰীলৈ নিজৰ কৰ্ম ক্ষেত্ৰতখনত আগুৱাই নিবলৈ ৷ কেৱল এইয়াই নহয় কোঁচে লগতে কয় যে এই যুগ হ’ল বৌদ্ধিক যুগ। মগজুৰ যুদ্ধৰ যুগ। মগজুৰ উৎকৰ্ষ সাধন কৰিব পৰা সকলহে এতিয়াৰ যুদ্ধত যুঁজিব পাৰিব।”

উল্লেখ্য যে, এই সভাৰ নিৰ্দিষ্ট বক্তা, আমন্ত্ৰিত ব্যক্তি সকলৰ বক্তব্যৰ মাজে মাজে- প্ৰথম -তৃতীয় ষান্মাষিকৰ প্ৰশিক্ষাৰ্থীসকল ক্ৰমে বৰগীত পৰিৱেশন কৰে হিমাশ্ৰী শইকীয়া, তৃষ্ণা পেগুৰ লগতে প্ৰথম ষান্মাষিকৰ প্ৰশিক্ষাৰ্থী অন্তৰীপা হাজৰিকাৰ আধুনিক গীতৰ লগতে প্ৰথম ষান্মাষিকৰ প্ৰশিক্ষাৰ্থী সকলে দিহানাম পৰিৱেশন কৰি সকলোকে মনোৰঞ্জন দিয়ে।

ইয়াৰ উপৰিও আজিৰ নৱাগত আদৰণী সভাৰ মূল সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে এই মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ভোলানাথ গগৈ, পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈ, সদস্য পূৰ্ণ লাহন ৷ অনুষ্ঠানৰ শেষত ন-পুৰণি প্ৰশিক্ষাৰ্থী সকলৰ মাজত অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্টিত হোৱাৰ পাছতে সফলতাৰে সামৰণি পৰে আদৰণী সভাৰ ৷ ইফালে অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্রশিক্ষক, কৰ্মচাৰী সকলৰ লগতে প্রশিক্ষার্থী সকল উপস্থিত থাকে।

Leave A Reply