Breaking

ধনশিৰিত জাতীয় পৰিষদ দলৰ বিক্ষোভ কাৰ্যসুচী

0 2,057

অসমৰ বহুকেইটা প্ৰান্তৰৰ লগতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ  সৰুপথাৰনগৰৰ মাজমজিয়াস্থিত ধনশিৰি মহকুমাৰ মহকমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত  অসম জাতীয় পৰিষদ দলৰ সৰুপথাৰ সমষ্টিৰ আহবায়ক সমিতিয়ে বিক্ষোভ কাৰ্যসুচী ৰূপায়ন কৰে। যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে নলবাৰী বিধান সভাৰ অন্তৰ্গত বাঁহজানিৰ এখনি দলীয় সভাত ভাগ লবলৈ গৈ থকা অৱস্থাত বৰভাগৰ ওচৰৰ কালাগ দৌলৰ সন্মুখত এদল বিজেপী সমৰ্থকে অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ সহ নেতাসকলৰ ওপৰত প্ৰাণঘাটী আক্ৰমণ চলায় । লগতে দলটোৱে হাতে হাতে বিজেপি পতাকা লৈ লুৰিণজ্যোতি গগৈৰ কনভয়ক আগচি ধৰে আৰু অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা দলৰ উপদেষ্টা পুলকেশ বৰুৱাৰ গাড়ীটো আক্ৰমণৰ চেষ্টা চলায়। যাৰ পৰিপ্ৰেক্ষিত অসম জাতীয় পৰিষদ দলে বিক্ষোভ কাৰ্যসুচীৰ জড়িয়তে উক্ত বিজেপিৰ আক্ৰমণকাৰী দলটোক অতি শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায় আৰু নিৰ্বাচন পক্ৰিয়াত উপযুক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ জড়িয়তে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।প্ৰতিবাকাৰী সকলে বিজেপি হায় হায়, লুৰিণজ্যোতি গগৈ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ ধ্বনিৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

Leave A Reply