Breaking

ডিব্ৰুগড়ত আসাম ষ্ট্ৰেট পাৱাৰ ইনঞ্জিনিয়াৰ্চ এচ্‌চিএছন আৰু পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ যৌথ মঞ্চত ধৰ্না কাৰ্যসূচী

0 1,246

ডিব্ৰুগড, ২৬ নৱেম্বৰ : সমগ্ৰ অসমৰ লগতে পাৱাৰ ৱ’কাচ্‌ ইউনিয়ন আৰু ইনঞ্জিনিয়াৰ্চ এচ্‌চিএছনে যৌথ ভাবে ডিব্ৰুগড়ত ২৬ নৱেম্বৰ তাৰিখে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ কৰক, অসম চৰকাৰ হুচিয়াৰ , ৰাজহুৱা বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ কৰক, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, পাৱাৰ ৱ’কাৰ্চ্‌ ইউনিয়ন জিন্দাবাদ, আদি শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অনাগত দিনত চৰকাৰে যদি বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ নকৰে তেতিয়া হ’লে ইয়াতকৈ আৰু জংগি অন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ কৰিব বুলি জানিবলৈ দিয়ে । পাৱাৰ ৱ’কাচ্‌ ইউনিয়ন আৰু ইনঞ্জিনিয়াৰ্চ এচ্‌চিয়েছনে যৌথ ভাবে লোৱা কাৰ্যসূচীত উপস্থিত থাকে পাৱাৰ ইনঞ্জিনিয়াৰ এচ্‌ছিএছনৰ হৈ শ্ৰীযুত ৰঞ্জন দত্ত , শ্ৰীযুত প্ৰাঞ্জল বৰঠাকুৰ, শ্ৰীযুত অভিজিত শইকিয়া, শ্ৰীযুত সিমাংচু গগৈকে ধৰি কেইবাজনো শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ উপস্থিতিৰ লগতে বহুতো সংখ্যক কৰ্মচাৰী উপস্থিতি দেখা পোৱা যায়। পাৱাৰ ৱকাচ্‌ ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি শ্ৰীযুত লিলা চাংমাই, উপ-সভাপতি শ্ৰীযুত সুখেন গগৈ, ডিব্ৰুগড় শাখা সভাপতি শ্ৰীযুত থানুৰাম ফুকন, সম্পাদক শ্ৰী বিপ্লব গোঁহাই, চাপ্লাই শাখাৰ সম্পাদক শ্ৰী বিপুল কোঁৱৰ লগতে বহু সংখ্যক কৰ্মচাৰিয়ে হাতে হাতে প্লে-কাৰ্ডলৈ আজি ডিব্ৰুগড় জিলা মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসুচী সাব্যস্ত কৰা দেখা পোৱা যায়।

Leave A Reply