Breaking

ধেমাজি-লখিমপুৰ-মাজুলীৰ প্ৰাদেশিকৃত অনাশিক্ষক কৰ্মচাৰীৰ হুংকাৰঃ ফিক্সপে সলনি স্কেলপে ব্যৱস্থাৰ দাবী ৰাজ্য চৰকাৰলৈ…

0 125

ৰাজ্যখনৰ তিনিখন জিলা ক্ৰমে লখিমপুৰ-মাজুলী আৰু ধেমাজি জিলাৰ প্ৰাদেশিকৃত অনাশিক্ষক কৰ্মচাৰীৰ সকলৰ গণতান্ত্ৰিক ভাৱে ন্যায্য প্ৰাপ্তিৰ  দাবীত আজি দুই শতাধিক অনাশিক্ষক তথা কৰ্মচাৰীয়ে  গোগামুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ধেমাজি জিলাৰ গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ প্ৰাঙ্গনত একত্ৰিত তেওঁলোকে এখন সাধাৰণ সভাৰ অনুষ্ঠিত কৰি প্ৰতিবাদমুখৰ হৈ উঠে ৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰীক হুংকাৰ প্ৰদান কৰে তিনিখন জিলাৰ অনা শিক্ষক তথা  কৰ্মচাৰী সকলে । তেওঁলোকে অভিযোগ কৰা মতে ২০২১ চনৰ ৫ ফ্ৰেব্ৰুৱাৰী, ২০২২ চনৰ ২২ ছেপ্টেম্বৰ আৰু ২৩ ছেপ্টেম্বৰত অসম চৰকাৰে বছৰ বছৰ ধৰি বিনা বেতনে কাম কৰি থকা কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰিছিল ।  The Assam Education (Provincialisation of services of Teachers and Re-organisation of Educational Institution)Act-2017 and (Amendment) Act-2018 অনুসৰি উপযুক্ত অৰ্হতা থকা শিক্ষকসকলক শিক্ষক আৰু অৰ্হতা নথকা শিক্ষকসকলক টিউটৰ হিচাপে লৈ  পদ প্ৰাদেশিকীকৰণ কৰিলে ।

কিন্তু ৰহস্যজনকভাৱে The Assam Education (Provincialisation of services of Non Teaching staff of Venture Educational Institution (Amendment) Act-2020 অনুসৰি স্নাতক মহাবিদ্যালয় (Senior College)ৰ কেৱল গ্ৰন্থাগাৰিক  পদতকৰ্মৰত কৰ্মচাৰীখিনিকহে ইউ জি নৰ্মছ্‌ অনুসৰি অসম চৰকাৰৰ পুৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰীলৈ উন্নীত কৰিলে । কিন্তু The Assam Education (Provincialisation of services of Non Teaching staff of Venture Educational Institutions) Act-2018- ৰ অধীনত বিভিন্ন স্তৰৰ ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত অনা শিক্ষক তথা কৰ্মচাৰী  সকলৰ বাবে কোনো শিক্ষাগত আৰু বৃত্তিগত অৰ্হতাৰ কথা আইনখনত উল্লেখ নকৰি অসম চৰকাৰৰ অধীনস্থ বিভিন্ন পৰ্যাযৰ প্ৰদেশিকীকৃত শিক্ষানুষ্ঠানত অনাশিক্ষকহতথা কৰ্মচাৰী  হিচাপে কৰ্মৰত চৰকাৰী কৰ্মচাৰীৰ দৰে অর্হতা থকা  সত্বেও সদ্য প্রদেশিকীকৃত অনা শিক্ষক তথা কৰ্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীলৈ উন্নীত কৰাৰ বাবে বিগত সময়ছোৱাত আইনখনৰ কোনো ধৰণৰ সংশোধনী অনাৰ প্ৰয়াস নকৰি কিয় Fixed Pay দি পদসমূহ প্রদেশিকীকৰণ কৰিলে সেয়া এক নুবুজা সাথঁৰ হৈ থাকিল তেওঁলোকে অভিযোগ কৰে  ৷ তদুপৰি আইনখনত অনাশিক্ষকতথা কৰ্মচাৰীসকলে কেতিয়া কেনেকৈ কি উপায়েৰে পূৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰীলৈ উন্নীত হ’ব পাৰিব তাৰো কোনো ধৰণৰ উল্লেখ নথকাটোও উদ্বেগ প্ৰকাশ কৰে ভূক্তিভোগী অনাশিক্ষকসকলে। এইক্ষেত্ৰত শিক্ষামন্ত্ৰীক   সদ্য প্ৰাদেশিকৃত বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত অনা শিক্ষক তথা কৰ্মচাৰী সকলক নিযুক্তিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰৰ পূৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনায়  ৷ ইয়াৰ অন্যথা

ন্যায্যপ্ৰাপ্তিৰ বাবে একত্ৰিত হৈ  লখিমপুৰ,মজুলী  আৰু ধেমাজিৰ প্ৰাদেশিকৃত অনা শিক্ষকসকলে ৰাজপথত নামিবলৈও কুণ্ঠাবোধ নকৰে বুলি চৰকাৰক সকীয়াই দিয়ে ৷  অনাশিক্ষক তথা কৰ্মচাৰী সকলে একত্ৰিত হৈ কাম কৰিব পৰাকৈ আজি   গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ এখন অনাশিক্ষক সমিতিও গঠন কৰে ৷ উক্ত সমিতিত  সত্যধৰ চুংক্ৰাঙক সভাপতি, মাণিক নাথক কাৰ্যকৰী সভাপতি,  বিপুল শ‌ইকীয়া, প্ৰেমানন্দ হাজৰিকা, নবীন সোণোৱাল, লক্ষ্মন চুংক্ৰাঙক উপ-সভাপতি, ললিত শ‌ইকীয়াক সম্পাদক, ধনজিৎ দুৱৰা, বিবেকানন্দ লাগাছুক সহকাৰী সম্পাদক, মানিক পাতিৰ, অনিল দেউৰী, বাৰুল পেগু, চুখেন শ‌ইকীয়া, দুলাল পাদুনক প্ৰচাৰ সম্পাদক, নৰেন্দ্ৰ দেউৰী, ডিম্বেশ্বৰ চেতিয়া, প্ৰফুল্ল দিহিঙ্গীয়া,লাচিত নৰহক সাংগঠনিক সম্পাদক, তুলেশ্বৰ পেগুক কোষাধ্যক্ষ হিচাপে লৈ এক শক্তিশালী সমিতি গঠন কৰে ।  অসম চৰকাৰে যদিহে অচিৰেই অনা শিক্ষক তথা কৰ্মচাৰীসকলৰ  দাবী নামানে তেন্তে  আগন্তুক দিনত ভয়ংকৰ আন্দোলনৰ সন্মুখীন হ’ব লাগিব বুলিও ঘোষণা কৰে ৷

Leave A Reply