Breaking

টেঙাখাত কপহুৱাত প্ৰধানমন্ত্ৰী ফচল যোজনা তথা উন্নত কৃষি পদ্ধতিৰ কৰ্মশালা ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ

0 90

ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ তথা টেঙাখাত উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ৰ নিচেই সমীপৰ দক্ষিণ কপহুৱা সংঘত ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ এক কৃষি কৰ্মশালা অনুষ্ঠিত হয়।

আদৰ্শ কৃষক তথা সমাজকৰ্মী হিৰণ্য সোনোৱালৰ তত্বাবধানত অনুষ্ঠিত কৰ্মশালাত অৰ্ধ শতাধিক পুৰুষ মহিলা কৃষক ৰাইজে অংশগ্ৰহণ কৰে।

কৰ্মশালাত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি অৰ্থনীতিবিদ বিশেষজ্ঞ ড° হেমচন্দ্ৰ শইকীয়াই মুখ্যত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ বিভিন্ন দিশ ব্যাখ্যা কৰি ইয়াৰ জৰিয়তে কৃষক লাভবান হব পৰা বিষয়ত
আলোকপাত কৰাৰ লগতে উন্নত কৃষি পদ্ধতি সাৰ প্ৰয়োগ আদিৰ সম্পৰ্কেও ব্যাখ্যা কৰে।
-ব্ৰজেন গগৈ, টেঙাখাত

Leave A Reply