Breaking

অন্ত পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহ…

0 79

বিশ্ববিদ্যালয় সপ্তাহ মানেই নাহৰত দেশত পাৰভঙা উছাহ। বিশ্ববিদ্যালয় সপ্তাহ মানেই এক সুকীয়া আৱেগ ৪৫০০ নাহৰবাসীৰ। এই সময়ত কাৰোৰে যেন কাৰো কথা শুনিবলৈ সময় নাই। ১৫ চেপ্তেম্বৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈ গ ‘ল বিশ্ববিদ্যালয় সপ্তাহ। “অনুপ্ৰাণন” প্ৰেৰণাৰ শক্তি সঞ্চাৰী যাত্ৰা নাম দিছে এইবাৰৰ বিশ্ববিদ্যালয় সপ্তাহক ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই। ১৫ চেপ্তেম্বৰত বিশ্ববিদ্যালয় সন্মানীয় উপাচাৰ্য ড. জিতেন হাজৰিকাই উদ্বোধন কৰে বিশ্ববিদ্যালয় সপ্তাহৰ। ১৬ টা বিভাগ, ১৭ টা কেন্দ্ৰৰ শ শ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে “কুচকাৱাজ” প্ৰতিযোগীতাৰে আৰম্ভ হয় বিশ্ববিদ্যালয় সপ্তাহৰ। ইয়াৰ পিছতেই বিশ্ববিদ্যালয়ৰ ৰংঘৰ, বিষ্ণুৰাভা ৰংগমঞ্চ, ইন্দিৰামিৰি প্ৰেক্ষাগৃহ,শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত অনুষ্ঠিত হয় ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সাহিত্য, সংস্কৃতি,ক্ৰীড়া বিভিন্ন শিতানৰ প্ৰতিযোগীতাসমূহ। সাংস্কৃতিক, সাহিত্য,ক্ৰীড়া প্ৰতিটো শিতানৰ প্ৰতিযোগীতাতেই ছাত্ৰ ছাত্ৰীয়ে পাৰভঙা উছাহেৰে অংশগ্ৰহণ কৰিলে। লগত আছে নিজৰ নিজৰ বিভাগৰ শ শ সমৰ্থক। কোনোবাই যদি তৰ্কত শ্ৰেষ্ঠত্ব পাইছে, কোনোবাই আকৌ মিছ DU, Best personality লাভ কৰি গৌৰৱ কঢ়িয়াইছে নিজৰ বিভাগ কেন্দ্ৰলৈ।

বিজয়ৰ পিছত কোনোবাই চিঞৰিছে মাছকম জুই, কোনোবাই কৈছে MSW জুই। ক্ৰীড়া শিতানৰ আকৌ কথাই সুকীয়া। ক্ৰিকেট, ভলিবল, ফুটবল, শৰীৰ চৰ্চা সকলো খেলতেই ছাত্ৰ-ছাত্ৰী সকলোৰে বিপুল অংশ গ্ৰহণ। চৌদিশৰ পৰা খেল পথাৰ, ইন্দ’ৰ ষ্টেডিয়ামত সুনা গৈছে কোলাহল।


এই সকলোবোৰৰ মাজত সাংস্কৃতিক শোভাযাত্ৰাই দৃষ্টি আকৰ্ষন কৰিলে সকলোৰে। প্ৰতিটো বিভাগৰে ছাত্ৰ-ছাত্ৰীয়ে ভিন্ন ধৰণৰ মন পৰশা থীম লৈ অংশ ল’লে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত। সকলো বিভাগৰ মাজত আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিল সমাজকৰ্ম কেন্দ্ৰৰ সাংস্কৃতিক শোভাযাত্ৰাৰ বিষয়বস্তু। সমকামীতাৰ বিষয় বস্তুৰে বিশেষ চৰ্চা লাভ কৰিছে কেন্দ্ৰটোৱে এনেদৰেই উলহ মালহেৰে ২১ চেপ্তেম্বৰলৈকে চলিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় সপ্তাহ। ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকলে নিয়াৰীকৈ উদযাপন কৰিলে প্ৰতিটো মুহুৰ্ত।

Leave A Reply