বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি ৰূপায়ণত দূৰ্ণীতি। ধন নিদিলে হিতাধিকাৰীয়ে নাপায় ঘৰ, প্ৰতিটো ঘৰ আৱন্টনৰ নামত আঠশকৈ লোৱাৰ অভিযোগ

প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৱন্টনৰ নামত হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰি আহিছে ধন ৷ বাক্সা জিলাৰ জালাহ উন্নয়ন খণ্ডত সংঘটিত হৈছে এই ঘটনা ৷ জালাহ উন্নয়ন খণ্ডৰ অধীনৰ শিলবাৰী ভিচিডিচিৰ অধ্যক্ষ গৌতম দাসে উন্নয়ণ খণ্ডৰ জিপিচি ( গাঁও পঞ্চায়ত কোৰ্ডিনেটৰ) ধনজিৎ পাটগিৰীৰ সৈতে মিলি প্ৰতিটো ঘৰ আৱন্টনৰ নামত লৈছে আঠশ টকাকৈ ৷ টকা নিদিয়া সকলক ঘৰ দিয়া নাই তেওঁলোকে ৷ এই ব্যৱস্থাত সহায়কাৰী হিচাপে লৈছে ভোটেপোৱাবৰী গাঁৱৰ পৰা শিলবাৰী ভিচিডিচিলৈ মনোনীত সদস্য খনীন পাঠকে ৷ পিছে আঠশটকাকৈ দিয়াৰ পাছতো আজিলৈ প্ৰধান মন্ত্ৰীৰ ঘৰৰ মুখ দেখা নাই শিলবাৰী ভিচিডিচিৰ অন্তৰ্গত ভোটেপোৱাবৰী গাঁওৰ একাংশ হিতাধিকাৰীয়ে ৷ দিন হাজিৰা কৰা শ্ৰমিক বা বিশেষ ভাবে সক্ষম লোকো এই আঠশ টকাৰ বলী হৈছে ৷ কেবাজনী মহিলাই অৰুনোদয় আঁচনিৰ পৰা পোৱা টকাখিনি ঘৰ পোৱাৰ আশাত খনিন পাঠকৰ জৰিয়তে দিছে অধ্যক্ষ গৌতম দাসক পিছে টকা দিও ঘৰ পোৱা নাই হিতাধিকাৰীসকলে ৷ ইতিমধ্যে বাক্সা জিলা উপায়ুক্তক এই দুৰ্নীতি সন্দৰ্ভত এমাহ পূৰ্বে লিখিত ভাবে জনোৱা সত্বেও একো ফলপ্ৰসু ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে ৷

ইফালে ঘটনা সন্দৰ্ভত শিলবাৰী ভিচিডিচিৰ অধ্যক্ষ গৌতম দাসে আঠশ টকাটো তেওঁলোকে নিয়ম মতে লোৱা বুলি কোৱাৰ লগতে ককলাবাৰী সমষ্টিৰ সকলো ভিচিডিচিতে প্ৰতিটো ঘৰৰ বাবদ আঠশ টকাকৈ লোৱা বুলি জনায় ৷ তেওঁ জিপিচি এ হে এই টকা সংগ্ৰহ কৰা বুলি প্ৰকাশ কৰে ৷

এতিয়া সকলো কথা জল জল পট পট ৷ জিলা উপায়ুক্তই বিষয়টো অনুসন্ধান নকৰাৰ আঁৰত কি ৷ শূন্য সহনশীলতাৰ কথা কোৱা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ভূমিকা কি হব সেয়াহে লক্ষণীয় হব ৷

মুছলপুৰৰ পৰা চম্পক মেধিৰ প্ৰতিবেদন

Related Articles