Breaking

দিশপুৰ মহাবিদ্যালয়ত ৪৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0 69

অসমৰ উচ্চশিক্ষাৰ আগশাৰীৰ অন্যতম প্ৰতিষ্ঠান দিশপুৰ মহাবিদ্যালয়ৰ প্ৰাংগনত সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে পঞ্চচত্বাৰিংশতম্ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়।

এই উপলক্ষে পুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই পতাকা উত্তোলন আৰু উপাধ্যক্ষ ড০ সুনীতা আগৰৱালাই শ্বহীদ তৰ্পণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ আহ্বায়ক তথা দৰ্শন বিভাগৰ সহযোগী অধ্যাপক ড০ মামণি কলিতাই আঁতধৰা অনুষ্ঠানটোৰ মুকলি সভাত সভাপতিত্ব কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই পোন প্ৰথমে যিসকল বৰেণ্য ব্যক্তিৰ উদ্যোগ তথা অশেষ কষ্টৰ ফলত মহাবিদ্যালয়খন স্থাপন হৈছিল তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে কয় যে, ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক দিশতে সীমাবদ্ধ নাৰাখি কেনেকৈ সৰ্বাংগীন দিশতো আগবঢ়াই নিব পাৰি তাৰ অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰখাৰ লগতে দিশপুৰ মহাবিদ্যালয়ে সামাজিক দায়বদ্ধতাৰ স্বৰূপ প্ৰকাশৰ বাবে বৃহত্তৰ গণেশগুৰি অঞ্চলত কৰা কৰ্ম সমূহৰ চমু বিশ্লেষণ আগবঢ়ায়।

উক্তমুকলি সভাতনিৰ্দিষ্টবক্তা হিচাপে উপস্থিতথাকেলোকসংস্কৃতিৰ গৱেষক ড০ অনিল শইকীয়া। “অসমৰ লোকগীত” শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰি ড০ শইকীয়াই কয় যে নিৰক্ষৰ,চহা আৰু হোজা বুলি যিসকল লোকক কোৱা হয়, তেওঁলোকৰ সাধনা,অতি প্ৰসৰ স্মৃতিশক্তি আৰু দক্ষতাৰ ফলতেই আজিৰ লোকসাহিত্যৰাজিৰ সৃষ্টি। অসমীয়া লোকগীতৰ বিহুগীতৰ পৰা আৰম্ভ কৰি বেলাড,বিয়ানাম আদিৰ অতি তাত্বিককথাবোৰঅতি ৰসাত্মকভাৱে লোকসংস্কৃতিৰ সাধক গৰাকীয়ে বৰ্ণনা কৰে।

অন্যহাতে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ বলেন্দ্ৰ কুমাৰ দাসে কয় যে যি শিক্ষাই আমাক ভাল দিক্ষা নিদিয়ে, তেনে শিক্ষা মূল্যহীন। সুন্দৰৰ যি ভৱিষ্যতৰবাণী, দৰ্শন, সাধনা,উদ্দিপনা অনা ভাৱাবেগ,সেয়াইহে আমাক মানুহৰ শাৰীত থিয় কৰাই।

উক্ত মুকলি সভাতেই দিশপুৰ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী “দিশপুৰীয়ান” আৰু তিনিখনকৈ সম্পাদনামূলক গ্ৰন্থ উন্মোচন কৰাৰ উপৰিও মহাবিদ্যালয়ৰ এটা ইউটিউব চেনেল আৰু মহাবিদ্যালয় সংগীত দৃশ্য-শ্ৰব্য মাধ্যমত শুভাৰম্ভ কৰা হয়।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখিআয়োজন কৰা“ ভাৰতৰ G-20 অধ্যক্ষতাৰ বাবে মোৰ দৃষ্টিভংগী” শীৰ্ষক ৰচনা প্ৰতিযোগিতাত স্থাপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিও অংশগ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

২০২২-২৩বৰ্ষৰ শ্ৰেষ্ঠ স্নাতক, শ্ৰেষ্ঠ পুথিভঁৰাল, পঢ়ুৱৈ, শ্ৰেষ্ঠবিভাগ, শ্ৰেষ্ঠ শিক্ষক বঁটা আদিও এই সভাতেই প্ৰদান কৰা হয়।

ইয়াৰ পৰৱৰ্তী সাংস্কৃতিক অনুষ্ঠানত মহাবিদ্যালয়ৰসমূহ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী প্ৰমুখ্যে ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্ধিয়া প্ৰতিষ্ঠা দিৱসৰ বন্তি প্ৰজ্বলন কৰা হয়।

পঞ্চচত্বাৰিংশতম্ প্ৰতিষ্ঠা দিৱসৰ বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে দিশপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপ ক ড০ সুমিত্ৰা চৌধুৰী।

Leave A Reply