Breaking

পানেৰি সমষ্টিত বিশ হাজাৰ বিনামূলীয়া ছ’লাৰ বিতৰণ

0 2,060

ওদালগুৰি জিলাৰ অন্তৰ্গত ৬৪ নং পানেৰি বিধানসভা সমষ্টিত আজি প্ৰায় বিশ হাজাৰ ছ’লাৰ(Cookstove) বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে অসম বিধান সভা মজিয়াৰ অধক্ষ্য তথা পানেৰি বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে।তেওঁ কয় যে পানেৰি সমষ্টিত বসবাস কৰা ৬০শতাংশ জনসাধাৰণেই ৰন্ধনত ইন্ধন হিচাপে বাঁহ,কাঠ,খেৰ ইত্যাদি, ব্যৱহাৰ কৰি আহিছে যাৰ ফলত যথেষ্ট পৰিমানে প্ৰদূষণ হোৱাৰ শ্ংকা প্ৰকাশ কৰিছে অধক্ষ্য বিশ্বজিৎ দৈমাৰীয়ে।সেয়েহে অত্যাধনিক প্ৰযুক্তি বিদ্যাৰে প্ৰদূষণ মুক্তৰ লক্ষ্যৰে নিৰ্মাণ কৰা (Cookstove)ছ’লাৰ, বিবিশিখা এলএলপি এচুচ্যেছনৰ উদ্যোগত বিতৰণ কৰাৰ পৰিলক্ষিত হয়।বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে কয় যে উজলা আছ্নীৰ অধিনত দিয়া বিনামূলীয়া এলপিজি ৰন্ধন গেছৰ ফলত কিছুপৰিমানে প্ৰদূষণ মুক্ত হোৱাৰ দিশে গতি কৰিছিল যদিও, পানেৰি সমষ্টিৰ গ্ৰামাঞ্চ্যলত  বসবাস কৰা সাধাৰণ ৰাইজে ধনৰ অভাৱত ৰন্ধন গেছৰ সলনি বাঁহ,কাঠ,খেৰ আদিক হে ইন্ধন হিছাপে ৰন্ধনৰ কামত ব্যৱহাৰ কৰি আহিছে।  যাৰ বাবে বিধায়ক গৰাকীয়ে এই অত্যাধনিক ছ’লাৰ (cookstove) প্ৰদান কৰি সমাজ কল্যাণ সন্থাৰ উদ্যোগতা বিবিশিখা এলএলপি এচুচ্যেছনক ধন্যবাদ দিয়াৰ লগতে  কমদিনৰ ভিতৰত  পানেৰি সমষ্টিত বাসকৰা প্ৰতিটো পৰিয়ালক ৬টা কৈ বিনামূলীয়া বাল্প দিয়াৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰে অসম বিধানসভা মজিয়াৰ অধক্ষ্য তথা পানেৰি সমষ্টিৰ বিধায়ক বিশ্ব্জিৎ দৈমাৰীয়ে।

Leave A Reply