Breaking

তামুলপুৰত ৫০গৰাকী মৌপালকৰ মাজত ৫০০ মৌ বাকচ আৰু সঁজুলি বিতৰণ

0 68

খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উদ্যোগত তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ সহযোগত সোমবাৰে তামুলপুৰ মহকুমাৰ কুমাৰীকাটাস্থিত তামুলপুুৰ আঞ্চলিক গ্ৰামদান সংঘৰ প্ৰেক্ষাগৃহত ইতিমধ্যে মৌ পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৫০গৰাকী মৌপালকৰ মাজত ৫০০ টা মৌবাকচ আৰু কিছুমান প্ৰয়োজনীয় সঁজুলি বিতৰণ কৰা হয়।

তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ কৰ্মচাৰী সত্যৱতী মিত্ৰৰ এক বৰগীতেৰে আৰম্ভ কৰা আৰু মৌবাকচ বিতৰণ উপলক্ষে অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি ভাৰত চৰকাৰৰ লঘু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ মনোজ কুমাৰে কয়-খাদী গ্ৰামোদ্যোগ আমাৰ মান, সন্মান আমাৰ অভিমান, ই আমাৰ পৰিচয়। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পথ প্ৰদৰ্শন ৰ দ্বাৰা সমগ্ৰ দেশত সুকীয়া পৰিচয় দাঙি ধৰিবলৈ খাদী গ্ৰামোদ্যোগ আয়োগে দিনে নিশাই কাম কৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে। আপোনালোকে এই কথা শুনি ভাল পাব যে খাদী গ্ৰামোদ্যোগ আয়োগে বিগত ২০২১-২২ বিত্তীয় বৰ্ষত ইয়াৰ উৎপাদন পূৰ্বৰ তুলনাত ৩৫ শতাংশ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰিণাম স্বৰূপে সৰ্বমুঠ বিক্ৰী ১লাখ ১৫ হেজাৰ কোটি অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

কুমাৰীকাটাস্থ খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ অধ্যক্ষ দুলাল সাহাই আতধৰা সভাত তেওঁ পুনৰ কয় ২০১৭ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত হানিমিছন গঠন কৰি মৌ পালক সকলক প্ৰশিক্ষণ দিয়া হয়। অসমত হানিমিছনৰ অধীনত ইতিমধ্যে ৮২৯ জন লোকক মৌপালনৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ৮২৯০ টা মৌবাকচ বিতৰণ কৰা হয়। সেইদৰে সমগ্র ভাৰত বৰ্ষৰ ১৮,০০০তকৈ অধিক মৌ পালকক প্ৰশিক্ষণ ৰ অন্তত ১,৮০,০০০ মৌবাকচ বিতৰণ কৰা হয় বুলিও তথ্য সদৰী কৰে।

খাদী গ্ৰামোদ্যোগ আয়োগৰ গুৱাহাটীৰ সহকাৰী সঞ্চালক বি কে সিঙে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে কয়-প্ৰশিক্ষণ লোৱাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হল প্ৰশিক্ষণ গ্ৰহণ কৰাৰ অন্তত আমি নিৰ্দিষ্ট কামটোত কেনেকৈ আগবাঢ়ো সেইটো হে ডাঙৰ কথা। তেওঁ মৌপালক সকলক এইক্ষেত্ৰত নিজৰ মনটো ঠিক কৰি লৈ সেই মতে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

এই অনুষ্ঠানটোত,খাদী গ্ৰামোদ্যোগ আয়োগৰ উপ মুখ্য কাৰ্যবাহী এছ এছ শীল, খাদী গ্ৰামোদ্যোগ আয়োগ গুৱাহাটীৰ সঞ্চালক অমনদ্বীপ, সহকাৰী সঞ্চালক বি কে চিঙ প্ৰমুখ্যে খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ বিষয়ববীয়া আৰু তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ কৰ্মীবৃন্দ আৰু বহু সংখ্যক মৌপালক উপস্থিত থাকে।

Leave A Reply