Breaking

ইটাখোলাৰ মনাই চাহ বাগিচাত বেচৰকাৰী সংস্থা ‘চেষ্টা’ৰ খাদ্য সামগ্ৰী বিতৰণ

0 1,542

বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাইৰ মনাই চাহ বাগিচাত বেচৰকাৰী সংস্থা ‘চেভেন ছিষ্টাৰ ডেভল্পপমেন্ট অচিষ্টেন’ (চেষ্টা)ৰ উদ্যোগত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ শ্ৰেণীৰ লোক সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। ক’ভিড পৰিস্থিতিত লকডাউনৰ ফলত সৰ্ব্বস্বান্ত হোৱা পৰিয়াল সমুহক কিছু সকাহ দিয়াৰ উদ্দেশ্যে মনাই চাহ বাগিচা অঞ্চলৰ প্ৰায় এক হাজাৰ পৰিয়ালক আটা,মিঠাতেল,বুট মাহ,বিস্কুট,নিমখ,আলু আদিৰ একোটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ অনুষ্ঠানত চতিয়া আঞ্চলিক পঞ্চায়ত সভাপতি তথা যুৱ নেতা লক্ষী কান্ত বৰা,নাগশংকৰ জিলা পৰিষদ সদস্য হিতেষ বৰুৱা আৰু চতিয়া উন্নয়ন খণ্ড আচনি পৰিচালক মনিষ বৰকাকতী উপস্থিত থাকে। বৰ্তমানে উত্তৰ পূৰ্বাঞ্চলৰ অসম,মেঘালায় আৰু ত্ৰিপুৰাত বিভিন্ন কল্যাণ মূলক কাৰ্যকলাপৰ জৰিয়তে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ‘চেষ্টা’ৰ বিশ্বনাথ জিলা কাৰ্যবাহী প্ৰতিনিধি ৰজত হাজৰিকা আৰু বিশ্বনাথ মণ্ডল ব্যক্তি তাঞ্জিমা আহমেদে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে যে উত্তৰ পূৰ্ব্বাঞ্চলৰ এক সৰ্ব্ব বৃহৎ বেচৰকাৰী সংস্থা ‘চেষ্টা’ অৰ্থাৎ চেভেন চিষ্টাৰ ডেভ্ল্পমেন্ট এচিষ্টেন্টে বিশেষকৈ সমাজখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণীৰ সহায়ক হিচাপে ভিন্ন ক্ৰীয়া কলাপ যেনে কৃষি কৰ্ম,দক্ষতা নিৰূপণৰ প্ৰশিক্ষণ,শিশুৰ বৌদ্ধিক বিকাশৰ পদক্ষেপ আৰু মহিলা সৱলীকৰণৰ হকে কাম কৰি আহিছে বুলি জানিবলৈ দিয়ে। জিলাখনৰ ইটাখোলাস্থিত মনাই অঞ্চলৰ পিচপৰা দূখীয়া শ্ৰেণীৰ ৰাইজক সংস্থাটোৱে কিছু খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত বিশেষ ভাবে উপস্থিত থাকে বিশ্বনাথ জিলা আটছাৰ শিক্ষাও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰ নদুৱাৰ আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁ‌তিসহ কেইবা গৰাকী আটছাৰ বিষয়ববীয়াৰ লগতে স্থানীয় বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ক’ভিড মহামাৰীৰ ফলত সাধাৰণ জনতাই দূৰ্ভোগ ভূগীবলগীয়া হোৱাৰ সময়ত ‘চেষ্টা’ই এনেদৰে ৰাইজক খাদ্য সামগ্ৰী প্ৰদান কৰা কাৰ্যক স্থানীয় ৰাইজে শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply