Breaking

কিষাণ পৰিষদৰ উদ্যোগত টিংখাঙত উন্নত কৃষি বীজ বিতৰণ ।

0 76

দৈনন্দিন বাৰ্তাৰ সেৱা, টিংখাং

কভিত-১৯ ৰ ভয়ংকৰ সংক্ৰমণে সমগ্ৰ মানৱ জাতিক ত্ৰস্তমান কৰি তোলা সময়তে আজি টিংখাং বিধান সভা সমষ্টিৰ খেতিয়ক সকলৰ মাজত সদ্যগঠিত স্বেচ্ছাসেৱী সংগঠন ভাৰতীয় কিষাণ পৰিষদ ৰাজগড় শাখাৰ উদ্যোগত উন্নত প্ৰজাতিৰ কৃষি বীজ বিতৰণ কৰে । যোৰহাটস্থ অসম কৃষি গবেষণা কেন্দ্ৰৰ পৰা বিনামূলীয়াকৈ আগবঢ়োৱা প্ৰায় সাত কুইন্টল স্বৰ্ণ চান্দ-১ প্ৰজাতিৰ বীজ  বিতৰণ কৰাৰ পূৰ্বে ৰাজগড়স্থ শংকৰদেৱ শিশু নিকেতনত খেতিয়ক সকলৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হয় । ৰাজগড় মহাবিদ্যালয়ৰ অধ্যক্ষ অম্বেশ্বৰ কোঁচৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্যে ব্যাখা কয়  উদ্যোগী সমাজকৰ্মী অজয় বাইলুঙে । সভাত কৃষি বিভাগৰ সহকাৰী উন্নয়ন বিষয়া কানন বাইলুঙৰ লগতে নৱগঠিত সংগঠনটিৰ সভাপতি লক্ষী ভড়ালী আৰু সম্পাদক পুলক গোঁহাইয়ে উন্নত পদ্ধতিৰে ধান খেতি কৰি কেনেদৰে লাভাম্বিত হব পাৰি আৰু সাৰ প্ৰয়োগৰ সৰ্ম্পকে বিস্তৃত ভাৱে ব্যাখা কৰে ।

শ্ৰীঅমৰজ্যোতি আৰন্ধৰা

Leave A Reply