Breaking

নদুৱাৰত পুষ্টিহীনতাত ভোগা শিশুক পুষ্টিকৰ খাদ্য বিতৰণ

0 2,063

পুষ্টিহীনতাত ভোগী দৈহিক-শাৰীৰিক-মানসিক ভাৱে বাধাৰ সন্মুখীন হোৱা নদুৱাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ অধিনস্থ ২৫ টি শিশুক পুষ্টিবৰ্ধন অভিযান কাৰ্যসুচীৰ অধিনত কালি পুষ্টিকৰ খাদ্য যোগান ধৰে সমাজ কল্যান বিভাগে৷জামুগুৰিহাটৰ বাপুজি ভৱনত শোণিতপুৰ জিলা অতিৰক্ত আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া কবিতা ফাংচ’য়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত অঞ্চলটোৰ সামাজিক,সাংস্কৃতিক তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দায়িত্বত থকা লোকসকলৰ অনুদানেৰে শিশুৰ পুষ্টিকৰ খাদ্য বিতৰণ অনুষ্ঠানটিত উপস্থিত থকা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়াগৰাকীয়ে কয় যে সমাজৰ একো একোগৰাকী সমাজকৰ্মীৰ অনুদানেৰে শিশুসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে যোগান ধৰা এই পুষ্টিকৰ খাদ্যসমুহ প্ৰতিগৰাকী শিশুৰ অভিভাৱকে যত্ন আৰু দায়িত্বসহকাৰে খুউৱাৰ দিশত গুৰুত্ব প্ৰদান কৰিবলৈ আহবান জনাই৷জিলাখনৰ প্ৰতিটো শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ অধিনস্থ এলেকাসমুহত এই কাৰ্যসুচী ৰূপায়ন কৰি থকা হৈছে বুলি উল্লেখ কৰি জিলা সমাজ কল্যান বিষয়াগৰাকীয়ে আৰু কয় যে সমাজৰপৰা শিশুসকলৰ পুষ্টিহীনতা শেষ হ’লেহে আমি এখন সুস্থ সবল সমাজ লাভ কৰিবলৈ সক্ষম হ’ম৷

অৱশ্যে শিশুসকলৰ পুষ্টিহীনতাৰ পৰিমান বাগান অঞ্চলসমুহত অলপ বেছি বুলিও উল্লেখ কৰে বিষয়াগৰাকীয়ে৷পোষণ অভিযানৰ খণ্ড সমন্বয়ক সমৰজ্যোতি হাজৰিকাই আঁত ধৰা আৰু পল্লবিতা বাৰুতিৰ লগতে নদুৱাৰ শিশু উন্নয়ণ প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ মূখ্য সেৱিকাসকলে পৰিচালনা কৰা অনুষ্ঠানটিত পুষ্টিহীনতাত ভোগা শিশুসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা অনুদান দিয়া চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা,জিলা অতিৰিক্ত আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া কবিতা ফাংচ’,সমাজকৰ্মী চন্দন ভূঞা,নদুৱাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া মেহমুদা বেগম,চতিয়া খণ্ড উন্নয়ন বিষয়া পলক কুমাৰ শৰ্মা,নদুৱাৰ খণ্ড উন্নয়ন বিষয়া গণেশ চন্দ্ৰ ডেকা,নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং,সমাজকৰ্মী মতি কুমাৰ নেৱাৰ,জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কবিৰ সিং লিম্বু,যুৱ সমাজকৰ্মী বুলু আহমেদ,নদুৱাৰ প্ৰাথমিক শিক্ষা বিষয়া পিটাৰ চৌধুৰী,লোকনিৰ্মাণ বিভাগৰ অভিযন্তা আব্দুল হানান,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা আশিষ মোহন,দক্ষিণ চিলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী গংগা দেৱী,মূখ্য সেৱিকা কুঁৱলি শইকীয়া আৰু সমাজকৰ্মী মদন চাহুক অনুষ্ঠানটিত সম্বৰ্দ্ধনাও জনোৱা হয়৷

Leave A Reply