Breaking

তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অন্তৰ্গত বিদ্যালয় সমূহৰ প্ৰধান শিক্ষকক টেবলেট বিতৰণ

0 61

ৰাজ্য চৰকাৰৰ এক অভিলাষী আঁচনি জৰিয়তে সমগ্ৰ ৰাজ্যতে উন্নয়ন আৰু দ্ৰুতগামী তথা গুণগত শিক্ষাৰ মানদণ্ডৰে আধুনিক বৈদ্যুতিক মাধ্যমৰ যোগে শিক্ষা খণ্ডক আগুৱাই লৈ যাবলৈ প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক টেবলেট প্ৰদান কৰা হৈছে।

আজি তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অন্তৰ্গত বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকলক তামুলপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাঙ্গণত এক সভা অনুষ্ঠিত কৰি টেবলেট বিতৰণ কৰা হয়।

আজি অনুষ্ঠিত টেবলেট বিতৰণ সভাখনত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অৰুঞ্জয় খুংগুৰ ব্ৰহ্মৰ লগতে তামুলপুৰ শিক্ষা খণ্ডৰ ছিআৰচিচি তথা শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে৷

-প্ৰসাদ দাস, তামুলপুৰ

Leave A Reply