Breaking

মাজুলী সমষ্টি (এছ টি) ত সূচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰাত জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্ব : সংবাদমেল সম্বোধন জিলা নিৰ্বাচন বিষয়াৰ

0 2,041

৯৯ নং মাজুলী বিধান সভা সমষ্টি (এছ টি) ত অহা ২৭ মাৰ্চত হ’বলগীয়া নিৰ্বাচন শান্তিপূৰ্ণ আৰু সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ আজি বিয়লি এক সংবাদমেলত এইদৰে মন্তব্য কৰে জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত বিক্ৰম কৈৰীয়ে ৷ সংবাদমেলত জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে ভাৰতৰ নিৰ্বাচন আয়োগে পোষ্টেল বেলটৰ জড়িয়তে কৰিব পৰা ভোটদান সন্দৰ্ভত ব্যক্ত কৰি মাজুলী সমষ্টিত পোষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰিব পৰা ভোটাৰ ২২৩৩ গৰাকী আছে বুলি উল্লেখ কৰি ৩৮৪ গৰাকী চাৰ্ভিছ ভোটাৰ , দিব্যাংগ ভোটাৰ ১৩৪৫ গৰাকী আৰু ৮০ বছৰ উৰ্দ্ধৰ ভোটাৰৰ বাবে বি এল অ’ ৰ যোগে বেলট পেপাৰ বিতৰণ কৰাৰ কথা ব্যক্ত কৰে ৷ ইয়াৰে ১১২ গৰাকীয়ে পোষ্টেল বেলটৰ জৰিয়তে ভোট দিব বুলিও জানিবলৈ দিয়ে ৷ এনে ভোটাৰৰ বাবে দুগৰাকী পুলিং বিষয়া , এগৰাকী ভিডিঅ’ গ্ৰাফাৰ আৰু এগৰাকী সুৰক্ষা কৰ্মীৰ ব্যৱস্থা কৰাৰ কথা অৱগত কৰে ৷ জিলাখনৰ নিৰ্বাচনৰ বাবে নিয়োজিত প্ৰিজাইডিং আৰু পুলিং বিষয়া সকলৰ প্ৰশিক্ষণ অহা ৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব ৷ সমষ্টিটোত সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত ১৫ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ কথা অৱগত কৰে ৷ জিলা নিৰ্বাচন বিষয়াৰ তথ্য অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচন ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা মানি সম্পন্ন কৰা হ’ব ৷ ইতিমধ্যে সুকলমে নিৰ্বাচন পৰিচালনা কৰাৰ বাবে বিভাগীয় ভাৱে সকলো ক্ষেত্ৰত বিষয়া নিয়োগ কৰা হৈছে ৷ চৰ-চাপৰিত থকা ২১ টা ভোট গ্ৰহণ কেন্দ্ৰত যাতে ভোট গ্ৰহণ কাৰী দল কোনো ক্ষেত্ৰতেই সমষ্যাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা আৰু এইবাৰ যিহেতু ভোট গ্ৰহণ বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব সেয়ে দূৰ্গম ভোট গ্ৰহণ কেন্দ্ৰ সমূহত পোহৰৰ ব্যৱস্থা কৰাৰ কথাও জানিবলৈ দিয়ে ৷ সমষ্টিটোত শান্তিপূৰ্ণ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত মাজুলীবাসীৰ পূৰ্ণ সহযোগিতা কামনা কৰাৰ লগতে সকলোকে নিৰ্ভয়ে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলো শ্ৰেণীৰ ৰাইজক আহবান জনায় ৷ আজিৰ সংবাদমেলত অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা ( নিৰ্বাচন ) , সহকাৰী আয়ুক্ত ৰাকেশ ছেত্ৰী , জিলা তথ্য আৰু জনসংযোগ বিষয়া তাপস কুমাৰ বৰা উপস্থিত থাকে ৷

Leave A Reply