Breaking

মাশ্বৰুম উৎপাদনৰে নলবাৰীৰ ডলী ৰাণী দাসে পোহপাল দিছে নিজ পৰিয়ালৰ লগতে তিনিটাকৈ পৰিয়াল

0 89

নলবাৰী

দেশত আজি সবাতোকৈ চৰ্চা হৈ কথাটো হ’ল ক্ষুদ্ৰ উদ্যোগ আৰু স্বাৱলম্বিতা৷ তেনেকুৱা ক্ষুদ্ৰ উদ্যোগ আৰু স্বাৱলম্বিতা হোৱা অলেখ মানুহ আছে যদিও তাৰে মাজত নলবাৰীৰ ডলীৰানী দাস হালৈৰ মাশ্বৰুম ফাৰ্ম আৰু ফুড প্ৰচেচিং চেণ্টাৰ সকলোৰে বাবে আলোচ্যৰ বিষয় হৈ পৰিছে ৷ ২০১৪ চনৰ পৰা নলবাৰীৰ বানেকুছিস্থিত এই ফাৰ্মখনে মাশ্বৰুম উৎপাদনৰ লগতে মাশ্বৰুমৰ পৰা মাশ্বৰূম বিস্কুট, ব্লেক ৰাইছ, মাশ্বৰূম কেক, ভুজিয়া, দৈ, পনীৰকে ধৰি সৰ্বমুঠ ১৬ বিধ বস্তু তৈয়াৰ কৰি নিজ গৃহ জিলা নলবাৰীৰ লগতে দাতিকাষৰীয়া জিলা বৰপেটা, কামৰূপ, মঙলদৈত পঠোৱাৰ উপৰি বহিঃৰাজ্য পশ্চিম বংগলৈ পঠিয়াবলৈ সক্ষম হৈছে৷ এই মাশ্বৰুমৰ ফাৰ্মখন ডলীৰানী দাসৰ স্বামীৰ লগতে কলেজত পঢ়িথকা পুত্ৰ অৰিন্দম হালৈও ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ উপৰি ৩-৪ কৰ্মচাৰীৰ লগত লৈ আগুৱাই গৈছে৷ এটা ক্ষুদ্ৰ উদ্যোগৰ বাবে যিখিনি চৰকাৰী পঞ্জীভুক্ত হ’ব লাগে সেইখিনি সম্পূৰ্ণকৈ কৰিছে যদিও চৰকাৰৰ ফালৰ পৰা কোনো আঁচনিয়েই ঢুকি পোৱা নাই বুলি উল্লেখ কৰে ডলীৰানী দাস হালৈয়ে৷ হয়তো চৰকাৰী আঁচনি পালে এই থলুৱা উদ্যোগটো আৰু অধিক প্ৰসাৰিত হ’ব পাৰিলে হয়৷ ইয়াৰ উপৰি এই মাশ্বৰুমৰ ফাৰ্মখনত মাশ্বৰুম উদ্যোগৰ প্ৰশিক্ষণ দুদিনীয়াকৈ দিয়াৰ লগতে মঙলদৈ, বঙাইগাঁও আদি বিভিন্ন জিলাত প্ৰশিক্ষণৰ বাবে নিমন্ত্ৰণ আহিলে প্ৰশিক্ষণ দিবলৈ যোৱাৰ কথাও সদৰি কৰে৷ দেশত ক’ৰোনা মহামাৰীয়ে বিধস্ত কৰা অৰ্থনৈতিক ক্ষেত্ৰখনত এনেকুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগসমূহ  জীয়াই ৰখাৰ বাবে যথেষ্ট প্ৰয়োজনীয়তা আছে৷ 

Leave A Reply