অসম আৰক্ষী কনিষ্টবল পদৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ দেৰগাঁৱৰ এজন আদৰ্শৱান কৃষিপ্ৰেমী যুৱক

সপোনৰ বাটে দেৰগাঁৱৰ এজন আদৰ্শৱান কৃষিপ্ৰেমী যুৱক,নাম তেওঁৰ পলাশ জ্যোতি হাজৰিকা।দেৰগাঁৱৰ বঙালগাঁৱৰ নিবাসী দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক পলাশ জ্যোতি হাজৰিকাই কৃষিকৰ্মৰে নিবনুৱা যুৱক যুৱতী সকলৰ বাবে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ সমান্তৰালকৈ অত্যধিক পৰিশ্ৰমেৰে অসম পুলিচৰ কনিষ্টবল পদৰ বাবে অনুশীলন চলাই আহিছিল। যাৰ সুফল হিচাপে অৱশেষত আহিল ভাল খবৰ টো কনিষ্টবল পদৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ এতিয়া নৱ প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে কৃষি প্ৰেমী যুৱক জন ।কঠোৰ পৰিশ্ৰমেই আজি নিজৰ জীৱনৰ লগতে পৰিয়ালটিলয়ো হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।

তেওঁ অনাগত দিনত এনেদৰেই সপোনৰ বাটত আগবাঢ়ি যাওক আনৰ বাবে আদৰ্শ হৈ পৰক তাৰে কামনাৰে আমিও জনাইছোঁ আন্তৰিক শুভ কামনা।

Related Articles