Breaking

কুকাৰপাৰ গাৱত ব্ৰাউন চুগাৰ আৰু নগদ ধনসহ ড্ৰাগছ ব্যৱসায়ী আটক

0 1,022

বৰপেটাৰ চেঙাৰ সমীপৰ কুৰাকপাৰ গাৱত আজি বহৰিস্থ তাৰাবাৰী থানা আৰু সৰ্থেবাৰী থানাৰ অধীনস্থ মাজদিয়া আৰক্ষী চকীৰ আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰসহ এটা ড্ৰাগছ ব্যৱসায়ী আটক কৰা হয় ৷ আৰক্ষীৰ হাতত ধৃত ড্ৰাগছ ব্যৱসায়ীটো সৰ্থেবাৰী থানাৰ অন্তৰ্গত কুকাৰপাৰ গাৱৰ ফুলচান আলী বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰ উপ আৰক্ষী অধীক্ষক (ডিএছপি) সমীৰদপ্তৰ বৰুৱাৰ নেতৃত্বত আৰু ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসৰ সহযোগত আৰক্ষীয়ে অভিযান চলাই ফুলচান আলী নামৰ ড্ৰাগছ ব্যৱসায়ীটোৰ গৃহৰ পৰা ৫২ টা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ আৰু ৯৩ টা খালী কন্টেইনাৰ জব্দ কৰে ৷ আনহাতে ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা ৩৫ হাজাৰ নগদ টকাও জব্দ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱামতে, ড্ৰাগছ ব্যৱসায়ীটোৱে চাবোনৰ কেচত ব্ৰাউন চুগাৰসমুহ লুকুৱাই ৰাখিছিল ৷ ব্ৰাউন চুগাৰ আৰু নগদ ধনসহ নিজ গৃহৰ পৰা ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰাৰ পিচতে সম্প্ৰতি আৰক্ষীৰ জেৰা অব্যাহত আছে  ৷

Leave A Reply