Breaking

জুবিন গাৰ্গক দালাল আখ্যা দুলু আহমেদৰ…

0 414

এগৰাকী শিল্পীৰ শিল্পীসত্বাক আংগুষ্ঠ প্ৰদৰ্শন কৰি বিতৰ্কত জুবিন গাৰ্গ। অসম জাতীয় পৰিষদ দলক “ফটুৱা” আখ্যা দি বিতৰ্কত সুমাই পৰিছে এই গৰাকী শিল্পী। আনহাতে দলটোৰ উপ সভাপতি দুলু আহমেদে তীব্ৰ আক্ৰমনাত্মক ৰূপত জুবিনক সুৰাৰ ৰাগীত মাতাল হৈ দলটোৰ হৈ মন্তব্য দিয়াৰ অধিকাৰ নাই বুলি উল্লেখ কৰে। আহমেদে জুবিনক সুবিধাবাদী শিল্পী আখ্যা দি এগৰাকী ৪২০ নম্বৰী বুলি উল্লেখ কৰি মানুহৰ শাৰীত নপৰে বুলিও উল্লেখ কৰে। কা আন্দোলনৰ সময়ত দুমুখীয়া স্হিতি অসমবাসীয়ে পাহৰা নাই বুলি আহমেদে উল্লেখ কৰি কয় যে অজাপৰ বিৰুদ্ধে মন্তব্য দিবলৈ মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱা বুলিও গুৰুতৰ অভিযোগ কৰে।

জুবিন গাৰ্গ এগৰাকী দালাল শিল্পী বুলি তীব্ৰ কটাক্ষ কৰি দুলু আহমেদে টকা দিলে পক্ পকাই থাকে বুলিও তীব্ৰ সমালোচনা কৰে। উল্লেখ্য যে বহু সময়ত বিতৰ্কত আৰু তৰল মন্তব্য কৰি সংবাদমাধ্যমৰ শিৰোনাম দখল কৰা জুবিন গাৰ্গে বিভিন্ন সময়ত ক্ষমা বিচৰাৰ উদাহৰণো আছে। আনহাতে এগৰাকী প্ৰকৃত শিল্পীয়ে শিল্পী সত্বাক সদায় সন্মান জনাই আহিছে বুলি বিভিন্ন মহলে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

Leave A Reply