Breaking

ৰঙিয়াত সদৌ অসম কবি মঞ্চৰ দ্বাৰা প্ৰকাশিত ‘প্ৰজ্ঞাৰ সন্ধানত’ ই-আলোচনী মুকলি

0 1,555

স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত সদৌ অসম কবি মঞ্চৰ অন্যতম প্ৰয়াস “প্ৰজ্ঞাৰ সন্ধানত” ই-আলোচনীখনৰ প্ৰথম বছৰ দ্বিতীয় সংখ্যা এক সংবাদমেল যোগে মুকলি কৰা হয়। উক্ত সংবাদমেলত উপস্থিত থাকে সদৌ অসম কবি মঞ্চৰ উপদেষ্টা তথা বিশিষ্ট সাংবাদিক প্ৰকাশ ডেকা, ফাৰুক হুছেইন,মোস্তাফা আহমেদ, সদৌ অসম কবি মঞ্চৰ সভাপতি জাভেদ জামান, ৰঙিয়া প্ৰেছক্লাৱৰ সভপতি অঞ্জনজ্যোতি পাটোৱাৰী, সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চন, কোষাধক্ষ্য নয়ন কমল মহন্ত। প্ৰজ্ঞাৰ সন্ধানত ই-আলোচনীখন সম্পাদনা কৰে প্ৰধান সম্পাদক জিতু কাঞ্চনে। সদৌ অসম কবি মঞ্চৰ দ্বাৰা প্ৰকাশিত ই-আলোচনী “প্ৰজ্ঞাৰ সন্ধানত” ৰ বাবে ৰাজ্যসভাৰ সাংসদ  ভুৱনেশ্বৰ কলিতা,  ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সদৌ অসম কবি মঞ্চৰ মুখ্য উপদেষ্টা ড° প্ৰশান্ত শৰ্মা, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপক তথা সদৌ অসম কবি মঞ্চৰ উপদেষ্টা ড° হিতেশ বৰ্মন, বিশিষ্ট কবি নীলিম কুমাৰে শুভেচ্ছা জনাই।

Leave A Reply