Breaking

শিক্ষামন্ত্ৰী ডাঃ পেগুৰ অভিনন্দন উপস্থিত শিক্ষকক। কৃত্ৰিম বুদ্ধিমত্তা এপত ধৰা পৰিল শিক্ষকৰ অনুপস্থিতি…

0 138

কৃত্ৰিম বুদ্ধিমত্তাৰ আধাৰিত শিক্ষাসেতু এপত ২০ হাজাৰ ৯০৯ গৰাকী শিক্ষকৰ অনুপস্থিতি ধৰা পৰে। আনহাতে ৰাজ্যৰ শিক্ষানুষ্ঠানত ১লাখ ৯০ হাজাৰ ৬৬৬ গৰাকী শিক্ষক উপস্থিত থকা কাৰ্যক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অভিনন্দন জনায়। শিক্ষাসেতু এপত ৩২লাখ ৩১ হাজাৰ ৩৬০ গৰাকী শিক্ষাৰ্থী উপস্থিত থকাৰ বিপৰীতে ৪ লাখ ৮৮ হাজাৰ ২৭০ গৰাকী শিক্ষাৰ্থী বিগত এটা সপ্তাহ বিদ্যালয়ত অনুপস্থিত থকা ধৰা পৰে। আনহাতে অনা শিক্ষকৰ উপস্থিতি আছিল ১৮ হাজাৰ ৯৫৫ গৰাকী।

উল্লেখযোগ্য যে শিক্ষাসেতুত একাধিক শিক্ষকে উপস্থিতি প্ৰদানৰ বিৰোধীতা কৰিছিল যদিও শিক্ষা বিভাগে এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহন কৰে। আনকি বিগত ৩ অক্টোবৰৰ পৰা শিক্ষা বিভাগে জাৰি কৰা প্ৰায় ২৫ টা নীতি নিৰ্দেশনা মানি চলিবলৈকো কঠোৰ নিৰ্দেশ দিয়া হৈছিল। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে শিক্ষক সকলক শিক্ষাসেতু এপৰ জৰিয়তে উপস্থিতি দিবলৈ আহ্বান জনায় পৰবৰ্তী সময়ত কঠোৰ হোৱাৰো ইংগিত দিছিল।

Leave A Reply