Breaking

ডিকম নাহৰতলী চাহ বাগিচা আদৰ্শ বিদ্যালয় শুভ উদ্বোধন শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ

0 100

দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত সোমবাৰে শুভ উদ্ধোধন হ’ল ডিকম নাহৰতলী চাহ বাগিচা এলেকাত নৱনিৰ্মিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়৷

মাংগিলক কাৰ্যৰে শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে৷

আমাৰ শিক্ষা আমাৰ গৌৰৱ, শিক্ষা আমাৰ ভৱিষ্যৎ শ্ল’গানেৰে অসম চৰকাৰে অসমৰ বিভিন্ন চাহ বাগিচা অঞ্চলত আদৰ্শ বিদ্যালয় প্ৰদান কৰিছে৷

নাহৰতলী চাহ বাগিচাত শিক্ষামন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ প্ৰথমে বন্তি প্ৰজ্বলন আৰু ফিটা কাটি বিদ্যালয়খন ছাত্ৰ-ছাত্ৰী সকলৰ বাবে উৎৰ্সা কৰে৷

নাহৰতলী চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ উদয় শংকৰ গগৈয়ে আদৰণি সম্ভাষণ জনোৱা শুভ উদ্বোধনী অনুষ্ঠানত লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, উপায়ুক্ত বিশ্বজিৎ পেগু, স্কুল পৰিদৰ্শক বিন্তি শৰ্মা, অতিৰিক্ত উপায়ুক্ত (শিক্ষা) সংৰ্ঘমিত্ৰা বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ বিষয়ব্বীয়া সকল উপস্থিত থাকে৷

ৰাষ্ট্ৰীয় সংগীতেৰে কাৰ্যসূচীৰ সফল সামৰণি পৰে৷

Leave A Reply