Breaking

কৃতী শিক্ষক উদয় চন্দ্ৰ দাসৰ সোঁৱৰণত শৈক্ষিক ৱেবছাইট মুকলি

0 153

ছাত্ৰ-ছাত্ৰীৰ উপকৃত হোৱাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ক হোৱাৰ লক্ষ্যৰে আজি বৰপেটা চহৰত বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত (শিক্ষা) তথা সমগ্র শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্তই www.uday4u.com নামৰ এক শৈক্ষিক ৱেবছাইট উদ্বোধন কৰে।

কৃতি শিক্ষক উদয় চন্দ্ৰ দাসৰ সোঁৱৰণত তেওঁৰ পুত্ৰ শিক্ষক তথা সমল ব্যক্তি চন্দন কুমাৰ দাসে তৈয়াৰ কৰা website টো উদ্বোধন কৰি শ্ৰী দত্তই শৈক্ষিক ৱেবছাইট বা ইউটিউবৰ বিভিন্ন সমলসমূহৰ প্ৰযোজনীয়তা বাখ্যা কৰি যুগৰ পৰিৱৰ্তনৰ লগে লগে আমি সকলোৱে তেওঁলোকৰ অনুসন্ধিৎসু মনৰ উৎকৰ্ষতাৰ কাৰণে এনেবোৰ সমল ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনায়।

অতিৰিক্ত আয়ুক্ত লখিমী দত্তই চন্দন কুমাৰ দাসৰ এই প্ৰচেষ্টাই বৰপেটাৰ শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণত যথেষ্ট সহায়ক হ’ব বুলি কয়। বিদ্যালয় সমূহৰ উপ পৰিদৰ্শিকা নিয়তি পাঠকে সভাপতিত্ব কৰা সভাত উপস্থিত থাকি সমগ্ৰ শিক্ষা বৰপেটাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচনি বিষয়া সীতাংগ ডেকাই এই ভিডিঅ সমূহ আপলোডৰ আগতে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমল ব্যক্তিসকলৰ দ্বাৰা ভিডিঅ সমূহ পৰিশীলিত কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান কৰে।

তেখেতে চন্দন কুমাৰ দাসৰ এই মহান কাৰ্য্যৰ ভূয়সী প্ৰশংসা কৰে আৰু শিক্ষকসকলক এনেকুৱা ছাত্ৰ ছাত্ৰীৰ উপযোগী ভিডিঅ প্ৰস্তুত কৰি প্ৰেৰণ কৰাৰ বাবে আহ্বান জনায়। আনহাতে বৰপেটা জিলাৰ এফ এল এন প্ৰালোচক মিনাক্ষী দাসে বিদ্যালয়সমূহত যোগান ধৰা এফ এল এন সামগ্ৰীবোৰৰ উপযুক্ত ব্যৱহাৰ সম্পৰ্কে আজি উন্মোচন কৰা ৱেবছাইট www.uday4u.com উপলব্ধ থকা বাবে শিক্ষক তথা সমল ব্যক্তি চন্দন কুমাৰ দাসক ভূয়সী প্ৰশংসা কৰে আৰু কৃতি শিক্ষক তথা তেওঁৰ পিতৃ উদয় চন্দ্ৰ দাসক সোঁৱৰণ কৰি শ্ৰদ্ধা জনায়।

সভাপতিৰ আসনৰ পৰা বিদ্যালয়সমূহৰ উপ পৰিদৰ্শিকা নিয়তি পাঠকে তেওঁৰ ভাষনত নিপুন ব্লক হিচাপত বৰপেটা শিক্ষাখণ্ডৰ শিক্ষক সকলৰ কৰণীয় সম্পৰ্কে বহলাই বাখ্যা কৰে আৰু ৱেবছাইট Uday4U ৰ দ্বাৰা শিক্ষক তথা ছাত্ৰ ছাত্ৰী সকলোৱে উপকৃত হ’ব বুলি কয়।

বৰপেটা শিক্ষা খণ্ডৰ ৬ টা মণ্ডল সমল কেন্দ্ৰৰ শিক্ষক উপস্থিত থকা সভাখনত খণ্ড সমল ব্যক্তি লীনা বৰ্মণ, প্ৰসেনজিৎ শৰ্মা, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক কণজিৎ কুমাৰ দাস, নৱদ্বীপ গায়ণ, নবজিৎ কুমাৰ দাস, প্ৰবীন চন্দ্ৰ দাস, হৰ্ষজিৎ দাস, উৎপল বায়ণ আৰু ভাস্কৰ বায়ণ উপস্থিত থাকে।

Leave A Reply