Breaking

চিলাপথাৰৰ ৰাজপথত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তোলিকা দাহ,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী…

0 71

সৰ্বসাধাৰণ ৰাইজক বিদ্যুত যোগানত ব্যৰ্থ অসমৰ বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তোলিকা দাহ কৰি চিলাপথাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে।
নিয়মিত বিদ্যুৎ যোগানত হেমাহি, সঘনাই বিদ্যুৎ সেৱা কৰ্তন কৰাৰ লগতে গ্ৰাহকক বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি প্ৰখৰ ৰদকো নেওচি আজি এইদৰেই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

চিলাপথাৰ- জোনাই সংগযোগী পথত থকা বিদ্যুৎ বিভাগৰ চিলাপথাৰ সংমণ্ডলৰ কাৰ্য্যালয়ৰ সন্মুখত অৰ্ধশতাধিক কৰ্মীয়ে বিদ্যুৎ বিভাগ হায় হায়, নন্দিতা গাৰ্লোছা পদত্যাগ কৰক, অসম চৰকাৰ হায় হায়, বিধায়ক ভুৱন পেগু মুৰ্দাবাদ, বিজেপি চৰকাৰৰ কাম নাই, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্ল’গানেৰে কপাই তোলে আকাশ বতাহ। দীৰ্ঘ সময় বিক্ষোভ কাৰ্যসূচী ৰূপায়নৰ ফলত ৰাজপথৰ দুয়োকাষে আবদ্ধ হৈ পৰে শ শ যান বাহন। ৰাইজৰ দুৰদৰ্শাৰ কথা নুবুজা শক্তি মন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰাৰ দাবী তোলে ধেমাজি জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়াই।

লগতে অনিয়মীয়া বিদ্যুৎ সেৱা নিয়মীয়া নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে প্ৰতিবাদী ৰাইজে। শেষত বিদ্যুৎ বিভাগৰ এগৰাকী অভিযন্তাৰ যোগেদি জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। কাৰ্যসূচীত জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্বল কুমাৰ চুতীয়া, ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, কাৰ্যকৰী সভাপতি কৃষ্ণ ভূঞা, ভাৰপ্ৰাপ্ত সম্পাদক ধীৰেন দিহিঙ্গীয়া, যুটীয়া সম্পাদক অনুপম চুতীয়া, চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি বিজু দিহিঙ্গীয়া , সাধাৰণ সম্পাদক বিতুল ৰাজগড় ৰ লগতে সংগঠনৰ পাচ শতাধিক ৰাইজ উপস্থিত থাকে।

Leave A Reply