Breaking

বৰপেটা জিলাৰ আঠ গৰাকী কৃতী শিক্ষকলৈ বঁটা

0 189

বৰপেটা জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত মঙলবাৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৬২ সংখ্যক জিলা ভিত্তিক শিক্ষক দিৱস উদযাপন কৰা হয় ৷ বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত ( শিক্ষা) তথা সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক লখিমী দত্তই শিক্ষক দিৱসৰ কাৰ্যসূচীসমূহ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে ।

ইয়াৰ পিছত স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰা হয়। স্মৃতি তৰ্পন কৰে বৰপেটাৰ বিদ্যালয়সমুহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাসে ৷ আনহাতে ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্জ্বলন কৰে বৰপেটা সাহিত্য সভাৰ সভাপতি তথা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ বাবুল চন্দ্ৰ দাসে৷

পুৱা ১১ বজাৰ লগে লগে মুকলি সভা আৰু কৃতী শিক্ষকক বঁটা প্ৰদান অনুষ্ঠান আৰম্ভ কৰা হয়।
নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ গোপেশ চন্দ্ৰ শৰ্মাই ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱনৰ তাৎপৰ্য তথা কৰ্মৰাজী সোৱৰণ কৰি শিক্ষক সকলক উদ্দেশ্যে বহু পৰামৰ্শ আগবঢ়ায়। আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বাউসী বাণী কান্ত কাকতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ কনক চন্দ্ৰ নাথে শিক্ষক দিৱসৰ তাৎপৰ্য বহলাই বাখ্যা কৰি শিক্ষক তথা ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰে।

মাল্যাৰ্পক বৰপেটা সাহিত্য সভাৰ সভাপতি ডঃ বাবুল চন্দ্ৰ দাসে শিশুসকলৰ মাজত থকা সুপ্ত প্ৰতিভা শিক্ষকসকলক জগাই তুলিবলৈ আহ্বান জনায়। আজিৰ এই গুৰুত্বপূৰ্ণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰপেটা জিলাৰ আয়ুক্ত আয়ুষ গৰ্গে শিশুৰ স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দি শিশুক বিষয়বস্তুৰ লগত জড়িত কৰিবলৈ পৰামৰ্শ দিয়ে। ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ নম্বৰত গুৰুত্ব দিয়াতকৈ শিশুৰ ধাৰণা মজবুত কৰাত অধিক মনোযোগ দিবলৈ তেওঁ শিক্ষকসকলক আহ্বান জনায়।

এই সভাতে বৰপেটা জিলা প্ৰশাসনে শিক্ষা বিভাগৰ উদ্যোগত বাচনি কৰা মধ্য ভলুকাবাৰী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক চন্দন কুমাৰ দাস, চেন্ট মেৰিছ এম ই স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী প্ৰণীতা পাঠক, কেওঁটকুছি মজলীয়া বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষক নৱজিৎ দাস, ফুলৰা চতলা হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হাফিজ উদ্দিন, বৰতাৰীৰ বি কে হাইস্কুলৰ প্ৰধান শিক্ষক আনোৱাৰ হুছেইন, বৰপেটা টাউন হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হুমায়ুন কবিৰ ছিদ্দিকী, ৰূপসী হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দ্বিজেন্দ্ৰ শৰ্মা আৰু দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ চাৰু চক্ৰৱৰ্তীক জিলা কৃতী শিক্ষক বঁটাৰ প্ৰদান কৰা হয়। সভাৰ শেষত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হৈ জিলা আয়ুক্ত আয়ুষ গৰ্গ আই, এ, এছ ডাঙৰীয় ই কৃতি শিক্ষক ৰাষ্ট্ৰপতি শিক্ষক বটাঁ প্ৰাপক বিবেকানন্দ ৰায় চৌধুৰী সম্বোৰ্ধনা জনায় ৷ সম্বোৰ্ধনা পত্ৰ পাঠ কৰে অতিৰিক্ত আয়ুক্ত আৰু জিলা মিছন সমন্বয়ক লখিমী দত্তই ৷ লগতে সহযোগ কৰে জিলা আঁচনি বিষয়া ৰঞ্জন দাসে ৷

Leave A Reply