Breaking

ইলোৰা বিজ্ঞান মঞ্চৰ কুইজ প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান আৰু সজাগতা সভা সম্পন্ন…

0 57

ইলোৰা বিজ্ঞান মঞ্চৰ কুইজ প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান আৰু সজাগতা সভা সম্পন্ন

চকিৰভিঠা হাইস্কুলত ৰাষ্ট্ৰীয় বিজ্ঞান মনষ্কতা দিৱস উদযাপন

ইলোৰা বিজ্ঞান মঞ্চ কয়াকুছি শাখাৰ উদ্যোগত আৰু চকিৰভিঠা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি দিনৰ ১ বজাত ৰাষ্ট্ৰীয় বিজ্ঞান মনষ্কতা দিৱস উদযাপন উপলক্ষে কুইজ প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান আৰু সজাগতা সভাৰ আয়োজন কৰা হয় । সভাত সদনৰ মতে ” বিজ্ঞান মনষ্কতা সৃষ্টিৰে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰীকৰণত ছাত্র-ছাত্ৰীৰ ভূমিকা অপৰিসীম ” শীৰ্ষক আলোচনা সভাও অনুষ্ঠিত হয় । ইলোৰা বিজ্ঞান মঞ্চ কয়াকুছি শাখাৰ সভাপতি জয়নাল আবেদিনৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে কয়াকুছি শাখাৰ সম্পাদক তথা সাংবাদিক ছাহেদ আলী আহমেদে ।

চকিৰভিঠা হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী আঞ্জু মনোৱাৰা খাতুনে মঞ্চ মুকলি কৰা সভাত সমল ব্যক্তি তথা আলোচক হিচাপে বিজ্ঞান মানসিকতা আৰু অন্ধবিশ্বাসৰ ওপৰত যুক্তি সংগত ভাষণ প্ৰদান কৰে ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় কমিটিৰ কোষাধ্যক্ষ ড০ বাসুদেৱ দাসে । ড০ বাসুদেৱ দাসে ভাষণৰ জড়িয়তে উপস্থিত থকা ছাত্ৰ- ছাত্ৰী আৰু ৰাইজক উদ্বুদ্ধ কৰাৰ লগতে অন্ধবিশ্বাসৰ ভুল ধাৰণা ভাঙি দি বিজ্ঞান মনস্কতাৰ প্ৰতি ছাত্র-ছাত্ৰীসকলক আকৰ্ষিত কৰে । ভাষন প্ৰসঙ্গত ড০ দাসে কয় যে, “সদৌ ভাৰত জনবিজ্ঞান নেটৱাৰ্ক (AIPSN) ৰ আহ্বান ক্ৰমে ২০১৮ চনৰ পৰা প্ৰতি বছৰৰ ২০ আগষ্ট দিনটোত সমগ্ৰ দেশত “ৰাষ্ট্ৰীয় বৈজ্ঞানিক মানসিকতা দিৱস” হিচাপে পালন কৰি অহা হৈছে। এই দিনটোতে অন্ধবিশ্বাস – কুসংস্কাৰ বিৰোধী আন্দোলনৰ আগশাৰীৰ নেতা ডা০‌ নৰেন্দ্ৰ দাভোলকাৰে প্ৰতিক্ৰিয়াশীল সন্ত্ৰাসবাদী সকলৰ হাতত নিহত হৈছিল। তাৰ পিছত আৰু কেইগৰাকী অন্ধবিশ্বাস বিৰোধী আন্দোলনৰ আগশাৰীৰ নেতা ক্ৰমে ড০ গোবিন্দ পানছাৰে, ড০ কালবুৰ্গী আৰু সাংবাদিক গৌৰী লংকেশ আদিক প্ৰতিক্ৰিয়াশীল চক্ৰই হত্যা কৰিছিল । এই দিনটোত ডা০ দাভোলকাৰক আৰু অন্যান্য শ্ব‌হীদ সকলক স্মৰণ কৰাৰ লগতে বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ বিশেষ দিন হিচাপে পালিত হৈ আহিছে ।

আলোচক হিচাপে উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি বিজ্ঞান সম্পৰ্কে চকিৰভিঠা হাইস্কুলৰ বিজ্ঞান শিক্ষক ৰতন চৌধুৰীয়েও ভাষণ প্ৰদান কৰে । সেয়ে এই দিৱসটো উৎযাপন কৰিবলৈ ইলোৰা বিজ্ঞান মঞ্চ কয়াকুছি শাখাৰ উদ্যোগত আৰু চকিৰভিঠা হাইস্কুলৰ সহযোগত এই “সজাগতা আৰু বক্তৃতানুষ্ঠান” ৰ আয়োজন কৰা হৈছে ।” বক্তা সকলৰ ভাষণৰ আগতেই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আকষ্মিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
কুইজ প্ৰতিযোগিতাত নৱম শ্ৰেণীৰ ছাইদুৰ ৰহমানে প্ৰথম, দশম শ্ৰেণীৰ আন্না খাতুনে দ্বিতীয় আৰু দশম শ্ৰেণীৰ ৰবিউল আলমে তৃতীয় স্থান দখল কৰি মানপত্ৰ আৰু কিতাপৰ টোপোলা লাভ কৰে । লগতে শ্বাহিল আলম, হাসিবৰ আলী, ৰুহুল আমিন, মুন্নী খাতুন আৰু নুৰ আলমে নাছাত লুবনা নিচুকনি বঁটা লাভ কৰে । নিচুকনি বঁটা বিজয়ী সকলক প্ৰমান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । আজিৰ কাৰ্যসূচীত চকিৰভিঠা হাইস্কুলৰ সহ শিক্ষক হানিফ আলী আহমেদ, মজিবৰ ৰহমান, আলহাজ তালেবৰ ৰহমান, সাংবাদিক সেখ ৰহমত উল্লাহ, আবু নাছিৰ আলমকে আদি কৰি গন্য মান্য ব্যক্তিৰ লগতে বিদ্যালয় খনৰ প্ৰায় আঢ়ৈ শতাধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাৰ বাবে ইলোৰা বিজ্ঞান মঞ্চৰ কয়াকুছি শাখাৰ সম্পাদক ছাহেদ আলী আহমেদে উপস্থিত সকলোকে ধন্যবাদ জনাই সকলোলৈকে শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply