Breaking

মাজুলীৰ ভাস্কৰ মইনা পাৰিজাতৰ চিৰসেউজ গীতৰ কৰ্মশালাৰ সামৰণি…

0 144

মাজুলী ম’হকিনা গাঁৱ পৰিচালনা সমিতিৰ উদ্যোগত ভাস্কৰ মইনা পাৰিজাতৰ অৰ্ধশতাধিক কন কন ছাত্ৰ-ছাত্ৰীৰ মাজত পষেকীয়া কাৰ্যসূচীৰে অসমীয়া চিৰসেউজ গীতসমূহৰ কৰ্মশালাৰ অন্তত গাঁৱৰ নামঘৰত আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। গাঁৱৰ মহিলা সকলৰ কণ্ঠৰ ৰঞ্জিৎ ভূঞা ৰচিত সমবেত সংগীতেৰে আৰম্ভ হোৱা সামৰণি অনুষ্ঠানটোত সভাপতিত্ব কৰে গাঁও উন্নয়ন সমিতিৰ সভাপতি নিৰণ শইকীয়াই ৷


কৰ্মশালাত প্ৰশিক্ষাৰ্থী সকলৰ গীত মাতে এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। সভাত সদৌ অসম মইনা পাৰিজাতৰ ‘শিশুবন্ধু’ উপাধিৰে বিভূষিত টংকেশ্বৰ দুৱৰীয়াই ভাস্কৰ মইনা পাৰিজাতৰ এনে কাৰ্যসূচী সলাগ লৈ অব্যাহত ৰখাৰ আহ্বান জনায় । সদৌ অসম মইনা পাৰিজাতৰ ইতিহাসৰ খেওধৰি ভাস্কৰ মইনা পাৰিজাতৰ গৌৰৱময় অতীতৰ সোঁৱৰণ কৰে। মাজুলী জিলা মইনা পাৰিজাতৰ সভাপতি লোহিত বৰাই মইনা সকলৰ প্ৰতিভা বিকশিত হোৱাৰ ক্ষেত্ৰত উদ্যোক্তা আৰু প্ৰশিক্ষকক ধন্যবাদ জ্ঞাপন কৰি ভাস্কৰ মইনা পাৰিজাতৰ আদৰ্শ প্ৰতিখন মইনা পাৰিজাতক গ্ৰহণ কৰিবলৈ আহ্বান জনায়।


সভাত বিশিষ্ট অতিথিৰ আসনৰ পৰা মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞাই শিশুসকলৰ চৰিত্ৰ গঠনত সংগীতে কেনেধৰণৰ প্ৰভাৱ পেলায় সেই বিষয়ে বক্তব্য ৰাখি চৰকাৰে মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰাৰ পিছতো একাংশ প্ৰধান শিক্ষকে সংগীতৰ বিষয়টো গুৰুত্ব নিদিয়াৰ কাৰণে মাজুলীৰ বহু প্ৰতিভাবান ছাত্ৰ ছাত্ৰীয়ে এটা বিষয় ৰূপে সংগীত অধ্যয়ন কৰাৰ পৰা বঞ্চিত হৈছে বুলি অভিযোগ আনে। মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ সভাপতি মিনতি শইকীয়া, ৰামধেনু শাখা সাহিত্য সভাৰ সভাপতি জগন্নাথ দুৱৰীয়া, মাজুলী জিলা মইনা পাৰিজাতৰ সম্পাদক প্ৰবীণ ভূঞা, কৰ্মশালাৰ প্ৰশিক্ষক মালতী শইকীয়া, লক্ষ্য গায়ন আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাস্কৰ মইনা পাৰিজাতৰ পদক্ষেপৰ শলাগ লয়।


এইসভাতে প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰে। অনুষ্ঠানটো পৰিচালনা কৰে ভাস্কৰ মইনা পাৰিজাতৰ পৰিচালক প্ৰদীপ হাজৰিকা আৰু নিবেদিতা গায়নে।সভাত বৈষ্ণৱী ভূঞাৰ সত্ৰীয়া নৃত্যই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আনহাতে সংগীত পৰিচালনা কৰে প্ৰশান্ত ভূঞা আৰু জয় প্ৰকাশ দুৱৰীয়াই।প্ৰদীপ হাজৰিকাই আঁতধৰা সভাখনত শলাগৰ শৰাই আগবঢ়াই প্ৰবীণ ভূঞাই। শেষত জাতীয় সংগীতেৰে সভাৰ সামৰণি মাৰে।

Leave A Reply