Breaking

লাহৰীঘাটৰ দুই যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

0 2,028

যিটো সময়ত মবাইলৰ দ্বাৰা চাইবাৰ ক্ৰাইম কৰি বিভিন্ন যুৱকে অপৰাধ কৰি আছে সেই সময়তে মৰিগাঁৱৰ লাহৰীঘাটৰ দুই ভাতৃয়ে নিজস্ব প্ৰচেষ্টাত তৈয়াৰ কৰি উলিয়ালে এটা বাণিজ্যিক মবাইল এপ, যাৰ নাম Makeover Contact App. এই এপৰ জৰিয়তে নৱ প্ৰজন্মৰ যুৱক সকলেও হয়তো কিছু হলেও নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব বুলি দৃঢ় বিশ্বাস। যোৱা কালি মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ  লাউভূৰুঙা গাঁও পঞ্চায়তৰ  অন্তৰ্গত বৰিবন্ধাত  এটি ম’বাইল এপ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। কফিল আহমেদ আৰু তাহিৰ আহমেদে ক্ৰিয়েট কৰা এই  Makeover Contact নামৰ ম’বাইল এপটি আনুষ্ঠানিক ভাবে  উদ্বোধন কৰে বিশেষভাৱে আমন্ত্রিত অতিথি তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰে। অনুষ্ঠানটি সঞ্চালনা কৰে কুশতলি সমবায় সমিতিৰ সভাপতি দুৰ্লভ নাথে। সভাত লাহৰীঘাট ব্লক কংগ্ৰেছৰ সম্পাদক অসীম বৰদলৈৰ লগতে আৰু বহু গন্যমান্য ব্যক্তি উপস্থিত আছিল।অসমত এটা ভাল Platform দিবলৈ কফিল আহমেদ নামৰ মৰিগাঁৱৰ যুৱকজনে Makeover Contract নামৰ এই app টো অহা ৫ অক্টোবৰৰ পৰা Play Store ত উপলব্ধ হব বুলি জনায়। কফিল আহমেদৰ মতে আপোনালোকে app টোৰ জৰিয়তে বিয়াৰ বাবে নিজৰ District ৰ Makeup Artists, Mehndi Artists, and Wedding Photographer  ৰ কাম সুকলমে সম্পন্ন হব বুলিও জনাইছে।উল্লেখ্য যে কফিল আহমেদ আৰু তাহিৰ আহমেদ সম্বন্ধত দুয়ো ককাই ভাই।

Leave A Reply