বশিষ্ঠ থানা এলেকাত পাহাৰত আবকাৰী বিভাগৰ অভিযান, ২১ টা চুলাইৰ ভাটি ধ্বংস

অসম বিধানসভাৰ আগন্তক নিৰ্বাচনত  প্ৰতিদ্বন্দীতা কৰা কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে সুৰা যোগান ধৰি ভোটাৰক যাতে প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ৰাজ্য চৰকাৰলৈ  নিৰ্দেশনা জাৰি কৰিছে । সেই নিৰ্দেশনাৰ আধাৰত আবকাৰী বিভাগে ইতিমধ্যে ৰাজ্যজুৰি দেশী বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে বিশেষ অভিযান চলাই আহিছে । ২৮ মাৰ্চৰ  পুৱা আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নেতৃত্বত বশিষ্ঠ থানাৰ আৰক্ষীৰ  সহযোগত থানা এলেকাৰ  কাৰ্গিল আৰু  সোণাইঘুলিত চুলাই মদৰ ভাটিত এক বৃহৎ অভিযান চলোৱা হয় । অভিযানত চুলাই মদ প্ৰস্তুত কৰা  ২১ টা বৃহৎ ভাটী ধ্বংস কৰা হয় । অৱশ্যে অভিযানৰ উমান পায়ে চুলাই মদ প্ৰস্তুত কৰা কাৰ্যৰ লগত জড়িত দুষ্কৃতিকাৰী সকল পলাই যাবলৈ সক্ষম হয় । অভিযানকাৰী দলটোৱে ভাটী সমূহৰ পৰা চুলাই প্ৰস্তুত কাৰ্যত ব্যবহাৰ হোৱা প্ৰায় ১৮,৪০০ হাজাৰ লিটাৰ পাছ , ৫৫ টা ড্ৰাম আৰু ৩৮  টা  বিভিন্ন প্ৰকাৰৰ সা-সঁজুলি আৰু  প্ৰায় ৬১০ লিটাৰ চুলাই জব্দ কৰি নষ্ট কৰিবলৈ সক্ষম হয় ।

Related Articles