Breaking

ছিপাঝাৰ ডিজিটেল মিডিয়া ফৰামৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

0 2,053

নামখলা স্থিত সাহিত্য সভা ভৱনত ছিপাঝাৰ ডিজিটেল মিডিয়া ফৰামৰ এখন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। নৱজ্যোতি শৰ্মাৰ আহবান মৰ্মে ছিপাঝাৰ ফৰামৰ সভাপতি জেষ্ঠ সাংৱাদিক কণ আলী হাজৰিকাৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়। সভাখনত ভবিষ্যত কাৰ্য্যপন্থা আৰু আভ্যন্তৰীণ কাম কাজৰ ওপৰত বিষদ আলোচনা কৰাৰ উপৰিও কেঞ্চাৰৰ ওপৰত বিশেষ সজাগতা সভা অনুস্থিত কৰাৰ ওপৰতো আলোচনা হয়। ইয়াৰ উপৰিও ২০বাৰকৈ ৰক্তদান কৰি সমাজলৈ মহানুভৱতাৰ পৰিচয় দিয়া ৰক্তদাতা তথা সাংবাদিক দ্বীপেন ডেকা আৰু সাংবাদিক আতিকুৰ ৰহমানক বিশেষ সম্বৰ্ধনা জনোৱা হয়। আনহাতে সভাত জনসম্পৰ্কৰক্ষী তথা পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাও উপস্থিত থাকে।

Leave A Reply