Breaking

ধুবুৰীত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

0 93

দৈনন্দিন বাৰ্তাৰ সেৱা,ধুবুৰী,১১ নৱেম্বৰঃআজি ধুবুৰীৰ ৰাজীৱ ভৱনত ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ সংখ্যালঘূ বিভাগৰ উদ্যোগত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে ধুবুৰীৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ সংখ্যালঘূ বিভাগৰ অধ্যক্ষ জাহান উদ্দিনে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছালমান খানে।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ডা: নজৰুল ইছলাম আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি তথা বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰাক্তন মন্ত্ৰী  মহিবুল হক, প্ৰাক্তন বিধায়ক দ্বয় আবু তাহেৰ বেপাৰী আৰু আলী আকবৰ মিঞা, ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ, ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমকে ধৰি জিলা কংগ্ৰেছৰ কৰ্ম-কৰ্তা সকল উপস্থিত থাকে।

সভাত আগন্তক বিধানসভা নিৰ্বাচন উপলক্ষে ধুবুৰী জিলাত কংগ্ৰেছৰ ভেটি মজবুত কৰি তোলাৰ বাবে  তৃণমূল পৰ্যায়ৰ সকলো কংগ্ৰেছ কৰ্মীকে সভাই আহ্বান জনায়।

Leave A Reply