Breaking

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত পথত ব্যাপক দুৰ্নীতি :: পেকেজ নং এ:এছ: ২৩-৩১৬ ৰ কাম আধাতে সামৰণি মেচাৰ্ছ বিনয় ভাৰদ্বাজৰ

0 1,157

ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ মাইথং গাঁও পঞ্চায়তৰ অন্তৰ্গত পূৰ্বৰ ৫২ নং (বৰ্তমান ১৫ নং) ৰাষ্ট্রীয় ঘাইপথ ঘাইপথৰ পৰা ১ নং সৰু ডিৰাক লৈ প্ৰকল্প পেকেজ নং এ:এছ: ২৩-৩১৬ ৰ আধাৰত ৩২৪.৫৫ লাখ টকা ব্যয়ৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা ৪.৫ কিলোমিটাৰ দৈঘ্যৰ পথটোত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত তথ্য মতে, ২০১৮ বৰ্ষৰ ৮ আগষ্টত পথটো নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’ল। ৰহস্যজনকভাৱে পথটো নিৰ্মাণৰ যিখন ফলক আছে তাত কিন্তু পথটো নিৰ্মাণৰ অন্তিম তাৰিখ ২০১৯ বৰ্ষৰ ৭ আগষ্ট বুলি উল্লেখ আছে। ইফালে পথটোৰ বিশদ বিৱৰণত মাটিৰ পৰিমাণ, গ্ৰেনুলাৰ চাব চেছৰ পৰিমাণ, মেটেল তৰপ বা ডব্লিউ বি এমৰ পৰিমাণ, বিটমেন প্ৰলেপৰ পৰিমাণ, প্ৰাইমাৰ কোটৰ পৰিমাণ, টেক কোট ইমলাছৰ পৰিমাণ, প্ৰিমিক্স কাৰ্পেটৰ আদিৰ পৰিমাণ আজি পৰ্য্যন্ত উল্লেখ নকৰি গাৱঁৰ সহজ-সৰল মানুহক ৰামঠগণ দিছে মেচাৰ্ছ বিনয় ভাৰদ্বাজে। অন্যহাতে পথটোত শ্লেব কালভাৰ্ট নিৰ্মাণ কৰিব লগা স্থানৰ সমীপত অৰ্থাৎ হাঁহখাটি নদীৰ লগত সংযোগ হোৱা লাংফাই জানটোতে শ্ৰমিকসকলৰ বাবে শৌচালয় নিৰ্মাণ কৰি দিছে। সাধাৰণ এজাক বৰষুণৰ বাঢ়নী পানীয়ে শৌচালয়ত ত্যাগ কৰা মলমূত্ৰ সকলো উটুৱাই লৈ যাব। ফলত উক্ত জানটোৰ লগতে হাঁহখাটি নদীৰ পানী খাই জীৱ-জন্তুৰ লগতে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ’ব পাৰে। স্মৰ্তব্য যে, উক্ত জান আৰু নদীত দৈনিক শ শ লোকে মাছ ধৰি খায়। ফলত বিভিন্নজনৰ অচিন বেমাৰ যে, নহ’ব তাক নুই কৰিব নোৱাৰি। বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই এতিয়া উক্ত পথটো নিৰ্মাণ কৰাৰ লগতে মেচাৰ্ছ বিনয় ভাৰদ্বাজৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

Leave A Reply