Breaking

যশস্বী নাট্য শিল্পী ভোলা কটকীৰ ওপজা দিন উদযাপনৰ ব্যাপক প্ৰস্তুতি

0 1,233

জামুগুৰিহাট, ২২ ডিচেম্বৰ: জ্যোতি-বিষ্ণু-ফণী শৰ্মা আৰু শোণিতকোঁৱৰ গজেন বৰুৱাৰ সান্মিধ্যৰে অভিনয় জগতত খোজ পেলাই উজ্জ্বীবিত অভিনয়ৰে শদিয়াৰ পৰা ধুবুৰীলৈ অগণন দৰ্শক ৰাইজৰ শ্ৰদ্ধা আৰু মৰম বুটলিবলৈ সক্ষম হোৱা তথা  গোয়েংকা চলচিত্ৰ বঁটা, মুনলাইট মিডিয়া বঁটা আৰু শেহতীয়াকৈ ২০১৬ চনত অসম চৰকাৰৰ ফালৰ পৰা নটসুৰ্য্য ফণী শৰ্মা বঁটা লাভ কৰা যশস্বী শিল্পী ভোলা কটকীৰ ৮৮ সংখ্যক ওপজা দিন উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে জামুগুৰিহাটত ৷ জন্মস্থান জামুগুৰিহাটৰ সংগীয়া মাজৰ চুকৰ যুৱক-যুৱতী তথা ৰাইজৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’ব লগীয়া মহান শিল্পী গৰাকীৰ ওপজা দিনটো মধুৰ কৰি তুলিবলৈ গীত-নাচ-নাটককে ধৰি এলানি কাৰ্যসূচী হাতত লৈছে । অহা ২০ জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা অনুষ্ঠানটিত শিশু নাট “অৰন্যৰ পটভূমি”ৰ উপৰিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ৰূপালীম” নাট খনো মঞ্চস্থ হব।দুয়োখন নাটক পৰিচালনা কৰিব ভোলা কটকীৰ কনিষ্ঠ পুত্ৰ তথা বিশিষ্ট পৰিচালক স্বৰাজ কটকীয়ে । ইফালে যোৱা ২০ ডিচেম্বৰত জামুগুৰিহাটৰ কুৰিখন গাঁৱৰ ৰাইজ, যুৱক যুৱতী তথা শিশুসকলৰ উপস্থিতিত শিল্পী গৰাকীৰ ওপজা দিনটোত অনুষ্ঠিত হব লগা “অৰণ্যৰ পটভূমি” শীৰ্ষক শিশু নাট খনৰো আখৰা উন্মোচন কৰে অৱসৰী শিক্ষক সমাজকৰ্মী শৰৎ ভূঞাই । এই উপলক্ষে জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক নামঘৰ প্ৰাংগণত অনুষ্ঠিত এক সভাত বৰেণ্য শিল্পীগৰাকীৰ নাট্য জীৱন সম্পৰ্কে আলোকপাত কৰা হয় । জানিব পৰা মতে শিল্পী গৰাকীৰ নিজা গাঁও সংগীয়া মাজৰ চুকত উদযাপন হব লগা উপজা দিনটোত গাঁওবাসীৰ লগতে জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সহযোগ আগবঢ়াব । 

Leave A Reply