Breaking

নগাঁৱৰ জামুগুৰিত কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু ৪২ ৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচনৰ ব্যাপক প্ৰস্তুতি …

0 205

১৯৪২ চনৰ ২০ চেপ্তেম্বৰত ঢেকীয়াজুলি থানাত ইংৰাজৰ গুলীত দেশমাতৃৰ হকে প্রাণ আহুতি দি ৪২ ৰ গণ আন্দোলনৰ শ্বহীদ হৈছিল শ্বহীদ মনবৰ নাথ । পৰিতাপৰ বিষয় এই যে স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো এই গৰাকী বীৰ শ্বহীদে যি ভাৱে এক ৰাষ্ট্ৰীয় মৰ্য্যদা পাব লাগিছিল সেই মৰ্য্যদা লাভ কৰা পৰিলক্ষিত বৰ্তমানলৈ হোৱা নাই ।

কিন্তু বর্তমান বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ বৰ অসমৰ প্ৰাচীন জনগোষ্ঠী নাথ-যোগী সমাজৰ নৱ প্ৰজন্মৰ সামগ্রিক বিকাশ আৰু উত্তৰণৰ অন্যতম সংগঠন সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ বিশেষ উদ্যোগত বর্তমান অসমৰ জনপ্ৰিয় চৰকাৰৰ জনপ্ৰিয় তথা মানৱদৰদী মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ একান্ত পৃষ্ঠপোষকতাত,নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ একান্ত তত্বাৱধানত,নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত , নগাঁও জিলা নাথ-যোগী ছাত্ৰ সন্থা আৰু বৃহত্তৰ জামুগুৰি অঞ্চলৰ ৰাইজৰ একান্ত সহযোগত বেবেজীয়া জামুগুৰি ন – মাটি গড়কাপ্তানি পথৰ ( শ্বহীদ মনবৰ নাথ পথ ) দাঁতিত শ্বহীদ মনবৰ নাথৰ এটি পূর্ণাঙ্গ প্রতিমূৰ্ত্তি নিৰ্মাণৰ কাম পূৰ্ণ গতীত চলি আছে আৰু ইতিমধ্যে প্রায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে ।

সদৌ অসম নাথ – যোগী ছাত্ৰ সন্থাই প্রতি বছৰে ২০ চেপ্তেম্বৰ দিনটো ৪২ ৰ ভাৰত ত্যাগ আন্দোলনত ঢেকীয়াজুলিত ইংৰাজৰ গুলীত প্রাণ আহুতি দিয়া শ্বহীদ সকলৰ লগতে অসমৰ প্ৰতিগৰাকী শ্বহীদৰ পবিত্ৰ স্মৃতিত “কেন্দ্ৰীয় শ্বহীদ দিৱস” হিচাবে উদযাপন কৰি আহিছে । এইবাৰ উক্ত দিৱসটি সন্থাই,নগাঁও জিলা সমিতিৰ উদ্যোগত, বেবেজীয়া জামুগুৰি আঞ্চলিক নাথ – যোগী ছাত্ৰ সন্থা আৰু বৃহত্তৰ জামুগুৰি অঞ্চলৰ জাতি – বর্ণ নির্বিশেষে সকলো ৰাইজৰ একান্ত সহযোগত,শ্বহীদ মনবৰ নাথৰ জন্মস্থান নগাঁও জামুগুৰিত উদযাপন কৰিবলৈ স্থিৰ কৰি ব্যপক প্রস্তুতি চলাইছে আৰু উক্ত দিৱসৰ লগত সংগতি ৰাখি শ্বহীদ মনবৰ নাথৰ নিৰ্মিয়মান প্ৰতিমূৰ্ত্তি ভাগো উন্মোচনৰ দিহা কৰিছে আৰু উক্ত প্রতিমূৰ্ত্তি ভাগ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিজে উন্মোচন কৰাৰ আশ্বাস প্ৰদান কৰিছে বুলি উদ্যোক্তা সকলে জনাইছে ।

তদুপলক্ষে যোৱা ১৩ আগষ্ট ৰবিবাৰে জামুগুৰিস্থিত বাপুজী হাইস্কুল প্রাঙ্গণত বৃহত্তৰ জামুগুৰি অঞ্চলৰ জাতি – বর্ণ নির্বিশেষে প্রায় তিনি শতাধিক সমাজপ্ৰিয় ৰাইজৰ উপস্থিতিত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । উক্ত সভাতেই বিশিষ্ট সমাজকর্মী খগেন চন্দ্র নাথক সভাপতি,ভূৱন চন্দ্ৰ নাথক কাৰ্যকৰী সভাপতি,বিশিষ্ট অনাতাঁৰ শিল্পী তথা সমাজকৰ্মী গম্ভীৰ নাথ,ধেনুৰাম নাথ, মায়া দেৱীক উপ সভাপতি প্রশান্ত নাথক সম্পাদক , উৎপল নাথ,জ্ঞানজ্যোতি নাথ,ৰিংকু মনি দেৱীক সহঃ সম্পাদক আৰু ৰাজীৱ কুমাৰ নাথক কার্যালয় সম্পাদক হিচাবে লৈ ৫১ জনীয়া এখনি শক্তিশালি আদৰনি সমিতি গঠন কৰা হয় আৰু ৮ খন উপ- সমিতি গঠন কৰা হয় । তদুপলক্ষে অনুষ্ঠিত ২১ আগষ্ট ৰবিবাৰে জামুগুৰি ৯০নং প্ৰাথমিক বিদ্যালয়ত এখনি গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাখনিত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী খগেন নাথে ৷

নাথ যোগী ছাত্র সন্থাৰ নগাঁও জিলা সমিতিৰ সম্পাদক প্ৰশান্ত নাথে আঁত সভাখনিত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি যোগী লক্ষণ নাথ ,,নগাঁও জিলা নাথ-যোগী সন্মিলনীৰ সভাপতি ঘনশ্যাম নাথ,সম্পাদক পুস্পেন্দ্ৰ নাথ,অসম প্ৰাদেশিক যোগী সন্মিলনীৰ মহিলা কেন্দ্ৰীয় কোষৰ সম্পাদিকা নিশিতা দেৱী,নগাঁও জিলা যোগী ছাত্ৰ সন্থাৰ সভাপতি জ্যোতি প্ৰসাদ হাজৰিকাকে আদি বহু কেইজন লোক উপস্থিত থাকি নাথ-যোগী জাতিৰ উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন বক্তব্য আগবঢ়ায় কয় যে স্বাধীনতা ৭৬বছৰে অসমৰ নাথ যোগী জাতি উপেক্ষিত হৈ থাকিল।

Leave A Reply