Breaking

নাজিৰাত প্ৰহসনত পৰিনত যুগ্ম-অযুগ্ম নীতি : নাকী লগোৱাত ব্যৰ্থ উদণ্ড বাইক চালকক, ভীতিগ্ৰস্ত জনগণ

0 70

নাজিৰা

মহামাৰী ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন। ৪৫ টা দিন লকডাউনৰ আওতাত গৃহ বন্দিত্বৰে জীৱন-যাপন কৰাৰ পিছত ক্ৰমাৎ নিম্নগামী হৈ পৰা দেশৰ অৰ্থনীতি কিছু শক্তিশালী কৰিবৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউনত কিছু শিথিলকৰণ কৰা হৈছিল। জনসাধাৰণে ভোগ কৰা কেতবোৰ গুৰুতৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সাময়িক সকাহৰ বাবে গ্ৰহণ কৰা হৈছিল কেতবোৰ শিথিল কৰণৰ সন্দৰ্ভত সিদ্ধান্ত৷ দেশৰ গৃহ বিভাগে জাৰি কৰা গাইডলাইনৰ ভিত্তিত নিৰ্ধাৰণ কৰা হৈছিল কোনবোৰ ক্ষেত্ৰত শিথিলকৰণ অনা হৈছে আৰু কোনবোৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত আছে৷ কিন্তু অতি দূৰ্ভাগ্যজনকভাৱে গৃহ বিভাগৰ সাময়িক শিথিলকৰণৰ গইনা লৈ ৰাজ্যৰ আন স্থানৰ নাজিৰা মহকুমাটো দেখা গৈছিল একাংশ ব্যক্তিৰ লকডাউন ভংগৰ অঘোষিত প্ৰতিযোগিতা। যাৰ পৰিপ্ৰেক্ষিতত মহকুমাটোৰ নাজিৰা আৰু শিমলুগুৰি নগৰৰ মাজমজিয়াৰ পৰা অনাৱশ্যক জনসমাগম হ্ৰাস কৰা, লকডাউন ভংগকাৰীক নিয়ন্ত্ৰণ কৰাৰ বাবে তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ শিৱসাগৰ জিলা প্ৰশাসনৰ নিৰ্দেশত নাজিৰা মহকুমাটো বলৱৎ কৰা হ’ল যুগ্ম-অযুগ্ম নীতি৷ সপ্তাহটোৰ সাতোটা দিনেই সলনা-সলনিকৈ যুগ্ম-অযুগ্ম নম্বৰৰ বাহনসমূহ চলাচল কৰাৰ বাবে জাৰি কৰা নিৰ্দেশনা সম্প্ৰতি এক প্ৰকাৰে প্ৰহসনত পৰিণত হৈছে নাজিৰা মহকুমাত। দিনৰ ভাগত যুগ্ম-অযুগ্ম নীতিৰ প্ৰভাৱত যানবাহন চলাচল হ্ৰাস পাইছে যদিও একাংশ উদণ্ড বাইক চালকক নাকী লগোৱাত ব্যৰ্থ মহকুমা আৰক্ষী প্ৰশাসন৷ আনহাতে একাংশ সাধাৰণ ৰাইজে নিজৰ বাহনৰ শেষৰ নম্বৰটো যুগ্ম নে অযুগ্ম চিনাক্ত কৰিব নোৱাৰি নগৰলৈ ওলাই অহাৰ লগতে আন একাংশই আকৌ শূন্য আৰু এক সংখ্যাটো যুগ্ম নে অযুগ্ম সেয়াও দীৰ্ঘ সময় ধৰি চিনাক্ত কৰিব নোৱাৰি বিবুদ্ধিত পৰাৰ লগতে যুগ্ম-অযুগ্মৰ বিভ্ৰান্তিৰ মাজত সোমাই বহু সাধাৰণ ৰাইজ আৰক্ষীৰ ৰোষত পৰিবলগীয়া হৈছে। যিটো ঘটনাই ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। সংক্ৰমণ প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থতে চৰকাৰ, প্ৰশাসনে গ্ৰহণ কৰা নীতিসমূহক সাধাৰণ ৰাইজে আদৰণি জনাইছে যদিও এনে গুৰুত্বপূৰ্ণ নীতি – নিৰ্দেশনা বলৱৎ কৰাৰ পূৰ্বে ব্যাপক ৰূপত বিভিন্ন মাধ্যমৰ লগতে মাইক যোগে নগৰে-চহৰে প্ৰচাৰ চলোৱাটো জৰুৰী আছিল। কিন্তু নিশাৰ ভাগত ঘোষণা কৰা এই নিৰ্দেশনা পৰৱৰ্তী সময়ত পুৱাৰ ভাগৰ পৰাই বলৱৎ কৰাৰ ফলত সাধাৰণ ৰাইজ বিবুদ্ধিত পৰে। আনহাতে যুগ্ম-অযুগ্ম নীতিৰে চৰকাৰ, প্ৰশাসনে সাধাৰণ ৰাইজক নাকী লগাবলৈ চেষ্টা চলোৱাৰ সময়তে নাজিৰা আৰু শিমলুগুৰি নগৰত চাৰি চকীয়া-দুচকীয়া বাহনৰো সন্মুখত চৰকাৰী নিৰ্দেশনাৰ প্ৰতিলিপি আৰি বীৰদৰ্পে লকডাউনৰ আৰম্ভণিৰ পৰাই বৰ্তমানেও টিঘিলঘিলাই ফুৰা উদণ্ড চামক যুগ্ম-অযুগ্ম নীতিয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’বনে বুলি প্ৰশ্ন উত্থাপন হৈছে। তদুপৰি নিজকে প্ৰভাৱশালী বুলি জাহিৰ কৰি যানবাহনত নম্বৰপ্লেট নিলিখাকৈ অথবা এৰোৱাইলৈ লকডাউনৰ মাজতো পৰিয়ালসহ আৰু দুচকীয়া বাহনত দুজন-তিনিজন পৰ্যন্ত উঠি সামাজিক দূৰত্ব ভংগৰে ঘূৰি ফুৰা চামক যুগ্ম-অযুগ্ম নীতিৰে কেনেদৰে স্পৰ্শ কৰিছে সেয়া সৰ্বজনবিদিত হৈছে৷

Leave A Reply