Breaking

বৰপেটাৰ সুহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ সোমনাথ তালুকদাৰৰ বিদায় সম্বৰ্ধনা; অভিনন্দন গ্ৰন্থ ‘এক বৰ্ণময় যাত্ৰা…’ উন্মোচন

0 113

বৰপেটাৰ সুহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ সোমনাথ তালুকদাৰক আজি বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনায়৷ যোৱা ৩১ জানুৱাৰীত বৰপেটাৰ সুহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহন কৰা কৃতী শিক্ষক, কবি, গল্পকাৰ, অনুবাদক, সাংবাদিক, সাহিত্যিক সোমনাথ তালুকদাৰক আবেগবিহ্বল পৰিবেশৰ মাজতে বিদায় দিয়া হয়।


বিদায় সম্বৰ্ধনা সভাখনত আজি সোমনাথ তালুকদাৰ অভিনন্দন গ্ৰন্থ ‘এক বৰ্ণময় যাত্ৰা…’ উন্মোচন কৰা হয়৷ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড প্ৰকাশ শৰ্মাই প্ৰায় দুশ পৃষ্ঠাৰ অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুলৰঞ্জন বায়নৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাৰীক সম্বৰ্ধনাৰে ওপচাই পেলায়৷


অভিনন্দন গ্ৰন্থখন উন্মোচন কৰি ড০ প্ৰকাশ শৰ্মাই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ বিদায় পৰ্বত এনেদৰে একাংশ শিক্ষক আৰু কেইজনমান প্ৰাক্তন ছাত্ৰই অভিনন্দন গ্ৰন্থ প্ৰণয়নেৰে শিক্ষকগৰাকীক বিদায় জনোৱাটো এক অভিনৱ পৰম্পৰা বুলি অভিহিত কৰে ৷

এয়া শিক্ষকগৰাকীৰ বাবে জীৱনৰ এক মহত্বম প্ৰাপ্তি বুলিও অভিহিত কৰে তেওঁ। অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়েও বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীকে গামোচাৰে সম্বৰ্ধনা জনায় ৷ বিদায় সম্বৰ্ধনা সভাখনত কেবাগৰাকীও শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে অসমৰ অন্যতম জনপ্ৰিয় ছেটেলাইট টি ভি নিউজ চেনেল “প্ৰতিদিন টাইম”ৰ বৰপেটাৰ সাংবাদিক অনুপম অনিৰুদ্ধ তালুকদাৰৰ ভাতৃ সোমনাথ তালুকদাৰৰ শিক্ষকতা জীৱনৰ কৰ্ম, আদৰ্শৰ ওপৰত ভাষণ প্ৰদান কৰি আবেগিক হৈ পৰে ৷

Leave A Reply