Breaking

লখিমপুৰত এঙাৰখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৱেবচাইট মুকলিবিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভড়ালীক সম্বৰ্ধনা

0 2,027

শিক্ষানুষ্ঠানক ডিজিটেল ব্যৱস্থাৰে সাঙোৰ খুৱাই শিক্ষা ব্যৱস্থাক অধিক বিকশিত কৰি তোলাৰ লক্ষৰে ২ মাৰ্চ তাৰিখে উত্তৰ লখিমপুৰৰ এঙাৰখোৱাত স্থানীয় এঙাৰখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৱেবচাইট আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। এই উপলক্ষে অনুস্থিত সভাত আদৰনি ভাষণ পাঠ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ক্ষিৰোদ চন্দ্ৰ গগৈয়ে । বিদ্যালয়ৰ ছাত্ৰী সকলৰদ্বাৰা পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মঃ হাফিজ আলিয়ে । সভাত EDUPUR SOCIETY (DVRS INDIA) ৰ ৱেব ডিজাইনাৰ ৰাকেশ খাউণ্দে ডিজাইন কৰা angarkhowachs.in  ৱেবচাইটো বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভড়ালীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰি বৰ্তমান সময়ত ৱেবচাইট,মোবাইল, ইন্টাৰনেট আদিৰ প্ৰয়োজনীয়তা ,ব্যৱহাৰ, স্বাস্থ্য , বিজ্ঞান ,প্ৰযুক্তিবিদ্যাৰ বিভিন্ন দিশৰ ওপৰত ব্যাখ্যা আগবঢ়ায় । সভাত ৱেব ডিজাইনাৰ ৰাকেশ খাউণ্দে ও ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি ব্যক্তব্য আগবঢ়ায় । উক্ত সভাতেই বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভড়ালীক গামোচা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে বিদ্যালয়ৰ তৰফৰপৰা সম্বৰ্ধনা জনোৱা হয় ।

Leave A Reply