Breaking

ৰজাপথাৰত তিৱা ছাত্র-ছাত্রীসকলৰ সম্বৰ্দ্ধনা অনুষ্ঠান

0 71

দেওবাৰে ৰজাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদৌ তিৱা ছাত্র সন্থা, তিৱা মাথনলাই তখ্ৰা, তিৱা সাংস্কৃতিক সমাজ, ডিফু মাণ্ডলিক সমিতিৰ উদ্যোগত কৃতী ছাত্র ছাত্রীসকলৰ বাবে অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে।

কাৰ্বি আংলং জিলাৰ অন্তৰ্গত ১৫০ ৰো অধিক উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত উত্তীর্ণ ছাত্র-ছাত্রীসকলক তিৱা ফালি, মানপত্ৰ আৰু গছৰ পুলিৰে অভিনন্দন জনোৱা হয়।

সদৌ তিৱা ছাত্র সন্থা ডিফু মাণ্ডলিকৰ সভাপতি ৰূপক মছৰঙৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানটিত উপস্থিত থাকে লাংফেৰ পৰিষদীয় সমষ্টিৰ সদস্য তথা কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথে, তিৱা সাংস্কৃতিক সমাজ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি কুমুদ মিথি, তিৱা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰভাত দাৰফাং, তিৱা মাথনলাই তখ্ৰাৰ সম্পাদক জনাৰ্দন পাটৰ, সদৌ তিৱা ছাত্র সন্থা জিলা সমিতিৰ ৰাহুল দাৰফাং, কবি সাহিত্যিক শৰৎ পাটৰ, সদৌ তিৱা ছাত্র সন্থাৰ জিলা সম্পাদক অচ্যুত মছৰং, তিৱা মাথনলাই তখ্ৰা কেন্দ্রীয় সদস্য সুনথ দামলঙৰ লগতে তিৱা জাতীয় সংগঠনৰ বিষয়ববীয়াসকল।

ডিফু মাণ্ডলিক তিৱা মাথনলাই তখ্ৰাৰ সম্পাদক ৰিতু মছৰঙে আঁত ধৰা অনুষ্ঠানটোত ৰজাপথাৰ, লাংহিন চেলাবৰ, হাওৰাঘাট হাতিপুৰা, ডিফু, বোকাজান, পাৰখোৱা বৰবালি চাকলি অঞ্চলৰ ছাত্র ছাত্রী আৰু ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত ছাত্র ছাত্রী সকলক উদ্দেশ্যি অতিথি সকলে শিক্ষা সন্দৰ্ভত পৰামৰ্শ আৰু জাতীয় সমস্যাৰ ওপৰত বক্তব্য প্ৰদান কৰে।

Leave A Reply