Breaking

ওদালগুৰিত উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ পঞ্চম বাৰ্ষিক নোৱা খাই পৰ্ব উদযাপন

0 2,112

ওদালগুৰি জিলাৰ অন্তৰ্গত হাতীগড়ত ৰোৱা ৩ অক্টোবৰত  অসম উড়িয়া যুৱ ছাত্র পৰিষদ আৰু ওদালগুৰি জিলা সমিতিৰ উদ‍্যোগত হাতীগড় আঞ্চলিক সমিতি আৰু সমূহ ৰাইজৰ সহযোগত পঞ্চম বাৰ্ষিক নোৱা খাই পৰ্ব উদযাপন কৰা হয়। পশ্চিম উৰিষ্যাত বসবাস কৰা উড়িয়া জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত উৎসৱ হৈছে নোৱাখাই পৰ্ব‌। কৃষিভিত্তিক এই নোৱা খাই পৰ্বৰ অনুষ্ঠানত উড়িয়া জনগোষ্ঠীয় লোকসকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি বিভিন্ন  কলা-কৃষ্টিৰ লগতে নৃত্য-গীত, বিভিন্ন প্ৰকাৰৰ বাদ্য যন্ত্ৰ সমূহৰ প্ৰদৰ্শন কৰি আনন্দ কৰে। হাতীগড় চাহ বাগিচাত দুদিনীয়া কাৰ্যসুচীৰে আয়োজন কৰা নোৱা খাই পৰ্বৰ মূলতে অসমত বসবাস কৰা প্ৰায় ৫০ লাখতকৈ অধিক উড়িয়া জনগোষ্ঠীয় লোকসকলৰ মাজত নিজৰ ভাষা-সাহিত্য, কলা- কৃষ্টি, নৃত্য-গীত প্ৰসাৰ তথা প্ৰচাৰৰ দিশটো অধিক শক্তিশালী কৰা আৰু এই বিষয়ে অসম চৰকাৰক গুৰুত্ব প্ৰদান কৰাৰ বাবে  উড়িয়া যুৱ ছাত্ৰ পৰিষদে দাবী জনায়।  অনুষ্ঠানটো উড়িয়া জাতীয় পতাকা উত্তোলন কৰি সাংস্কৃতিক শোভাযাত্ৰা আৰু বিভিন্ন জনগোষ্ঠীৰ নৃত্য-গীত সমূহ মঞ্চত প্ৰদৰ্শন কৰে। নোৱা খাই পৰ্ব অনুষ্ঠানটোৰ সভাপতিত্বৰ আসন গ্ৰহণ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতীয়ে‌। উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে, অসম উড়িয়া মহাসভাৰ সভাপতি যোগেশ সোনাই‌। মঞ্চত উপস্থিত থকা অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি লক্ষ্মীধৰ তাঁতীয়ে কয়, অসমৰ ভাষা-সাহিত্য, কলা-সস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত উড়িয়া জনগোষ্ঠীটোৰ বিশেষ অৱদান আছে। লগতে তেওঁ কয় যে, সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত উড়িয়া ভাষাটোৰ ক্ষেত্ৰত চৰকাৰে অৱহেলা কৰি সমস্ত উড়িয়া লোকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। সেই হেতুকে উড়িয়া ভাষা, লিপি তথা উড়িয়াৰ ইতিহাস সমূহ প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যাতে জনাৰ লগতে শিকিব আৰু লিখিব পাৰে তাৰ বাবে অসমৰ পাঠ্যক্ৰমত ঐচ্চিক ভাষা হিচাপে উড়িয়া ভাষাটোক সন্নিৱিষ্ট কৰিবলৈ অসম চৰকাৰ তথা মুখ‍্যমন্ত্ৰীক স্পষ্ট ভাষাৰে আহ্বান জনায় অসম উড়িয়া যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি লক্ষ্মীধৰ তা‍ঁতীয়ে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য তথা ওদালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে উড়িয়া ভাষা আৰু লিপি সমূহ স্কুলীয়া পাঠ্যক্ৰমত লিপিবদ্ধ কৰিব পৰাকৈ অসমৰ শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক অৱগত কৰাব বুলি মন্তব্য প্ৰকাশ কৰে।

Leave A Reply