Breaking

পূৰ্ণ গতিত প্ৰথম বিএন এছএছবিৰ ‘মেৰি মাটি মেৰা দেশ’

0 125

‘মেৰি মাটি মেৰা দেশ’ৰ অধীনত অমৃত কলহ যাত্ৰা অব্যাহত আছে৷ প্ৰথম বেটেলিয়ন এছএছবি সোনাপুৰে পানীখাইতি গাঁও পঞ্চায়ত, ৰাণী গাঁও পঞ্চায়ত আৰু বৰুৱাবাৰী গাঁও পঞ্চায়তৰ তিনিটা পৃথক ব্লকৰ অধীনত কাৰ্যসূচীটো আৰম্ভ কৰে৷

ইয়াৰ বাবে বহুতো গাঁও সামৰি ঘৰৰ পৰা মাটি, চাউল সফলতাৰে সংগ্ৰহ কৰে৷ অনুষ্ঠানটোত কামৰূপ(মেট্ৰ’) জিলা পৰিষদৰ উপ-সভাপতি গজেন চেত্ৰী, বৰুৱাবাৰী গাঁও পঞ্চায়তৰ সভাপতি বৰ্ণালী বৰুৱা, পানীখাইটি গাঁও পঞ্চায়তৰ কাউন্সিলৰ জীতেন ৰাভা, ৰাণী গাঁও পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন লগতে বেচৰকাৰী সংগঠন, এছএইচজি সদস্য, সংবাদ মাধ্যমৰ লোক, সমাজকৰ্মী, গাঁওবাসী আৰু প্ৰথম বিএন এছএছবি সোণপুৰৰ কৰ্মচাৰী উপস্থিত আছিল।

ইয়াৰ পূৰ্বে, কামৰূপ(মেট্ৰ’) জিলাৰ তিনিটা খণ্ডৰ অধীনৰ 19খন গাঁও পঞ্চায়তত প্ৰথম বিএন এছএছবি সোনাপুৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Leave A Reply