Breaking

আৰাৰ প্ৰথমটো কোভিড ভেকচিন সম্পন্ন

0 529

যোৱা ১৩ৰ পৰা ১৫জুনলৈ তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ৰেষ্টুৰেন্ট এছ’চিয়েচন(আৰা)ৰ উদ্যোগত ভেকচিন প্ৰদান কৰা হয় গুৱাহাটীৰ আৰ.জি.বৰুৱা পথৰ ‘গুৱাহাটী চেন্ট্ৰেলৰ এগজটিকা গ্ৰীনৰ পাৰ্কিঙত। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত আৰম্ভ কৰা ভেকচিন প্ৰদান কাৰ্যসূচী ৰূপায়নত মেডিচিটী গুৱাহাটীৰ সঞ্চালক ডা: চিৰঞ্জীৱ চক্ৰৱৰ্তীৰ তত্বাৱধানত অহা নাৰ্চ অনামিকা ডেকা,ৰীণা বেগম,ইন্দ্ৰজিৎ সৰকাৰ আৰু ৰোচনে সহযোগিতা আগবঢ়ায়। কোভিডসৃষ্ট বৰ্তমান পৰিস্থিতিত আইডিএফচি ফাৰ্ষ্ট বেংক আৰু এইছ এম এন্টাৰপ্ৰাইজৰ সহযোগীতাও অনুকৰণীয়। তিনিওদিনৰ কাৰ্যসূচীত গুৱাহাটীৰ ১০০খন ৰেষ্টুৰেন্টৰ স্বত্বাধীকাৰ,মেনেজাৰ আৰু কৰ্মচাৰীসকলৰ মুঠ ৭১২জনক প্ৰথমটো ভেকচিন প্ৰদান কৰা হয়।

Leave A Reply