Breaking

তেজপুৰত বানৰ প্ৰলয়

0 71

ভদীয়া বানে শোণিতপুৰৰ ভালেসংখ্যক অঞ্চল প্লাৱিত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিপথাৰ তথা বাসগৃহ জলমগ্ন কৰাত ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷

তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ প্ৰায় ২০খন গাঁও আজি পুৱাৰে পৰা বানত বুৰগৈছে৷বাহবাৰী আৰু বিহগুৰি মৌজাৰ ঘগৰা খেলমাটি, নাহৰণি, বৰছন, ঘনশ্যাম চেন্টাৰ, ঘগৰা, কুকুৰ বস্তি, বাহবাৰী খণ্ড, বেতনি, হাতখোলা, মোৱামাৰি, ডেকা চুবুৰী, বৰা চুবুৰী, ছিঙা চুবুৰী, খোলাকটি কছাৰী আদি অঞ্চল সম্প্ৰতি সম্পূৰ্ণ বানৰ তলত৷

কৃষিপ্ৰধান অঞ্চলসমূহৰ সকলো পথাৰ ডিপোটা,ঘগৰা আৰু জৰাসৰৰ বানত বুৰযোৱাৰ লগতে বৰ্তমান শতাধিক বাসগৃহ বানৰ কবলত পৰিছে৷

আনহাতে অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ চৌহদো বৰ্তমান বানৰ কৱলত পৰিছে৷ইপিনে বিন্দুকুৰি বান্দৰমাৰী গড়কাপ্তানি পথ বানত বুৰ যোৱাৰ লগতে মোৱামাৰীৰ গড়কাপ্তানি পথো এই বানত বুৰগৈছে৷ উল্লেখযোগ্য যে,ডেকাচুবুৰী খ খণ্ডৰ পথৰ এচোৱা যোৱা বছৰেই বানত ছিঙি নিয়াৰ পাছত শেহতীয়াকৈ ৰাইজে এখন বাঁহৰ দলং সাজি লৈছিল য’দিও সেইখন দলঙো উটুৱাই নিয়ে৷

দোকোলদাকাল পানীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা ৰাইজে পশুধন ৰখাৰ বাবে পুখুৰীৰ ওখ পাৰ ব্যৱহাৰ কৰিছে য’দিও এনে পুখুৰীও বুৰযোৱাৰ আশংকা বৃদ্ধি পাইছে৷ বিগত ২০বছৰৰ ভিতৰত এনে বান দেখা নাই বুলি প্ৰকাশ কৰিছে স্হানীয় ৰাইজে৷

Leave A Reply